ডিজিটেল ডেস্ক : ৰাজ্যৰ স্পৰ্শকাতৰ আৰু দুৰ্গম অঞ্চলত বাস কৰা খিলঞ্জীয়া লোকসকলক চৰকাৰে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব যদিও এই সুবিধাৰ পৰা বঞ্চিত হ'ব আন্তঃৰাজ্যিক সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজ।
অস্ত্ৰৰ অনুজ্ঞাপত্র প্রদানক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ছ'চিয়েল মিডিয়াযোগে কয়, 'মেঘালয়, অৰুণাচল প্রদেশ, মিজোৰাম, নগালেণ্ডৰ সৈতে ভাগ-বাটোৱাৰা কৰা আন্তঃৰাজ্যিক সীমান্তৱর্তী অঞ্চলতো অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ নীতি প্রযোজ্য হোৱা বা নোহোৱা সন্দর্ভত কিছু প্রশ্নৰ উত্থাপন হৈছে। আমি স্পষ্ট কৰি দিবলৈ বিচাৰিছোঁ, অসমে সদায় বিশ্বাস কৰে যে আন্তঃৰাজ্যিক সীমান্ত সম্পর্কীয় সমস্যাটো এনে এক বিষয়, যাৰ সমাধান কেৱল পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাসৰ জৰিয়তেহে সমাধান কৰিব পাৰি আৰু সেই বুজাবুজি তথা বিশ্বাসেই একমাত্র পথ হোৱা উচিত।'
আনহাতে ৰাষ্ট্রীয় নিৰাপত্তাৰ ভাবুকিৰ দিশৰ পৰা আমি কেতিয়াও এই অঞ্চলসমূহক স্পৰ্শকাতৰ বুলি নাভাবোঁ বুলি জনাই ড° শৰ্মাই স্পষ্টভাৱে কয় যে অসমৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চলত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ নীতি প্রযোজ্য নহ'ব। উল্লেখযোগ্য যে কালি ৰাজ্যিক কেবিনেট বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰীয়ে এখন সংবাদমেলযোগে অসমৰ স্পৰ্শকাতৰ আৰু দুর্গম অঞ্চলৰ খিলঞ্জীয়া লোকসকলক ৰাজ্য চৰকাৰে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব বুলি জনাই প্রকাশ কৰিছিল যে ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, দক্ষিণ শালমৰা, গোৱালপাৰা আদি বিভিন্ন জিলাত বাস কৰা খিলঞ্জীয়া লোকসকল সংখ্যালঘু হোৱাৰ বাবে তেওঁলোক প্রায়ে নিৰাপত্তাহীনতাত ভোগে।
বিশেষকৈ বাংলাদেশত সংঘটিত ঘটনাৰ পাছত তেওঁলোক বাংলাদেশৰ ফালৰ পৰা বা নিজৰ গাঁওখনৰ একাংশৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে। সেয়েহে এনে এলেকাত বাস কৰা খিলঞ্জীয়া লোকক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া হ'ব। ইয়াৰ ফলত ধিং, ৰূপহীঘাট আদি যিবোৰ অঞ্চলত থলুৱা লোকসকলে ভয়ত আছে তেওঁলোকৰ ভয় দূৰ হোৱাৰ লগতে তেঁওঁলোকে অতিৰিক্ত সাহসো পাব বুলি মত প্রকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment