• কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?

    আঞ্চলিক
    কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
    ডিজিটেল ডেস্কঃ সৰস্বতী পূজাৰ দিনা জাগীৰোডত এক অঘটন সংঘটিত হৈছে। নিজ ঘৰতে ডিঙিত চিপ লৈ আত্মহত্যা একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ। বয়স হৈছিল প্ৰায় ১৭ বছৰ। 

    ছাত্ৰীগৰাকীৰ নাম সুস্মা দেৱনাথ। জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ ছাত্ৰী আছিল সুস্মা। 

    আত্মহত্যাৰ খবৰ পোৱাৰ মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু দণ্ডাধীশ।

    আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰিছে।

    প্ৰাথমিক পৰ্যায়ত প্ৰেমজনিত কাৰণতে সুস্মা দেৱনাথে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে।

    জাগীৰোডৰ কৰণ শৰ্মা নামৰ এজন যুৱকৰ সৈতে আছিল সুস্মাৰ প্ৰেমৰ সম্পৰ্ক।

    আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ দ্বাৰা তদন্ত অব্যাহত আছে।

    সুস্মাক অকালতে চিৰদিনলৈ হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়াল।