• জালুকবাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পুৱাতেই যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা দুই দুৰ্বৃত্তৰ

    আঞ্চলিক
    জালুকবাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পুৱাতেই যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা দুই দুৰ্বৃত্তৰ
    ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত মুঠেও সুৰক্ষিত নহয় যুৱতী-মহিলা। এইবাৰ মহানগৰীৰ জালুকবাৰীত ঘটিল চাঞ্চল্যকৰ ঘটনা।

    জালুকবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতেই এগৰাকী যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা দুই দুৰ্বৃত্তৰ। এই ঘটনা আজি পুৱা প্ৰায় ৫ বজাৰ।

    গহপুৰৰ নিজ ঘৰৰ পৰা জালুকবাৰীৰ ভাড়াঘৰলৈ আহিছিল এগৰাকী যুৱতী। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছৰ পৰা নামি যুৱতীগৰাকী সুন্দৰবড়ীস্থিত ভাড়াঘৰলৈ গৈ আছিল।

    সংস্কৃত কলেজৰ সমীপত দুচকীয়া বাহনত অহা দুই দুৰ্বৃত্তই প্ৰথমে ডিঙিৰ চেইন কঢ়াৰ চেষ্টা কৰে যদিও বিফল হয়। কিছুসময়ৰ পাছত পুনৰ উভতি আহি স্কুটাৰ ৰখাই যুৱতীগৰাকীৰ শ্লীলতা হানিৰ চেষ্টা কৰে।

    AS01FA9523 নম্বৰৰ এখন ক'লা ৰঙৰ স্কুটাৰত আহিছিল দুই দুৰ্বৃত্ত। অসহায় যুৱতীগৰাকীয়ে জালুকবাৰী আৰক্ষী, ১১২ নম্বৰত বাৰম্বাৰ যোগাযোগ কৰিও কোনো সহায় নোপোৱাৰ অভিযোগ।

    অসহায় যুৱতীগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথলৈ দৌৰি নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়।

    উল্লেখ্য যে, জালুকবাৰী আৰক্ষী চকী, পশ্চিম গুৱাহাটীৰ DCP কাৰ্যালয়ৰ মাত্ৰ ৫০০ মিটাৰ নিলগত ঘটিছে এই ঘটনা। ইতিমধ্যে ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে।

    ইয়াৰোপৰি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানলৈও প্ৰেৰণ কৰিছে অভিযোগ পত্ৰ। গুৱাহাটী মহানগৰীত যুৱতী-মহিলাৰ নিৰাপত্তাহীনতাৰ বিষয়টোৱে এতিয়া সচেতন মহলক চিন্তিত কৰি তুলিছে।