ডিজিটেল ডেস্ক: ৰঙালী বিহুৰ সময়তে অসমবাসীলৈ এক সুখবৰ। সমাজৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়ন, পৰিৱেশ সংৰক্ষণ, ক্রীড়া-শিক্ষাৰ প্ৰসাৰৰ হকে নীৰৱে কাম কৰি অহা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ স্বেচ্ছাসেৱী সংগঠন স্প্রেড হেপীনেছ ফাউণ্ডেশ্যনে প্রসিদ্ধ নৃত্যশিল্পী, পদ্মভূষণ, সংগীত নাটক অকাডেমি বঁটা বিজয়ী, পদ্মশ্রী যতীন গোস্বামীলৈ আগবঢ়াইছে ২০২৫ বৰ্ষৰ 'অসম জ্যোতি বঁটা'।
অহা ১৫ মে'ত গুৱাহাটীত অনুষ্ঠিত হ'ব লগীয়া ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠা দিৱসত এই বঁটা প্ৰদান কৰা হ'ব। ফাউণ্ডেশ্যনৰ সম্পাদক যাদৱ দাসে জানিবলৈ দিয়া মতে, এতিয়াৰে পৰা ফাউণ্ডেশ্যনৰ প্ৰতিটো প্ৰতিষ্ঠা দিৱসত অসমৰ সমাজ-সংস্কৃতি তথা অসমীয়া জাতিৰ হকে বিশেষ অৱদান আগবঢ়োৱা একোগৰাকী ব্যক্তিক প্ৰদান কৰা হ'ব 'অসম জ্যোতি বঁটা'। এই বঁটাত থাকিব স্মাৰক, অংগ বস্ত্র, মানপত্র, নগদ ধন আদি।
তদুপৰি এইবাৰ বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ট উদ্যোগী ড° সঞ্জীৱ নাৰায়ণ, বিশিষ্ট ৰাজনীতিক ভৱেশ কলিতা, বিশিষ্ট সাংবাদিক সঞ্জীৱ কুমাৰ ফুকন, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক চন্দ্ৰ মুদৈ, শিশু শিল্পী মৌপিয়া দাস, বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা, উদীয়মান অভিনেত্রী ধ্যানী মহন, কণ্ঠশিল্পী কমলিকা কাশ্যপ, অসম গৌৰৱ মীনাক্ষি দাস, বিশিষ্ট সমাজসেৱক গৌতম দাস, জয়ন দেউৰী, ড° নৱজিৎ দেউৰী, গুণকান্ত গগৈ, ৰাজীৱ বৰুৱা, নীলকান্ত দাস, ড° অলকানন্দা শইকীয়া, মিষ্টাৰ বিটু, দীপাংকৰ শইকীয়া, বিশিষ্ট অধিবক্তা দেৱাশিস মেধি, ড° পৰিণীতা বড়ি আদিকে ধৰি অসমৰ বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনোৱা হ'ব বুলিও সম্পাদক দাসে ব্যক্ত কৰে।
উৎস- দৈনিক জনমভূমি
Leave A Comment