ডিজিটেল ডেস্কঃ জোনাইৰ ২নং মহমৰা গাঁৱৰ এখন জলজীৱন মিচন আঁচনিৰ কেয়াৰ টেকাৰ কোঠালীৰ পৰা আজি পুৱাই উদ্ধাৰ হয় এগৰাকী যুৱকৰ মৃতদেহ। মৃত যুৱকজন গাঁৱখনৰে নিবাসী তথা পানী যোগান আঁচনিৰ কেয়াৰ টেকাৰৰ আত্মীয় প্ৰায় ২২ বছৰীয়া শ্যামল দলে বুলি জানিব পৰা গৈছে।
জানিব পৰামতে যুৱকজনে নিশা পানী যোগান আঁচনিৰ কেয়াৰ টেকাৰ কোঠালীৰ ভিতৰত থকা বিচনাত শুইছিল। কিন্তু আজি পুৱাৰ ভাগলৈ গাঁৱখনক পানী যোগান নিদিয়াত গাঁৱৰে এগৰাকী যুৱকে পানী যোগান আঁচনিৰ কেয়াৰ টেকাৰ কোঠালীৰ কাষত গৈ যুৱক জনক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে।
যুৱকজনৰ কি কাৰণত মৃত্যু হৈছে তাৰ প্ৰকৃত ৰহস্য জানিব পৰা নাই যদিও বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।
ইফালে ঘটনা সন্দৰ্ভত জোনাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে।
Leave A Comment