• সমাজকৰ্মী জৰ্জ বৰদলৈৰ আত্মহনন! সোণাপুৰত শোকৰ ছাঁ

    আঞ্চলিক
    সমাজকৰ্মী জৰ্জ বৰদলৈৰ আত্মহনন! সোণাপুৰত শোকৰ ছাঁ
    ডিজিটেল ডেস্কঃ এক দঃসংবাদ। বিশিষ্ট সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যু হৈছে। সোণাপুৰৰ হাতীমূৰাত থকা নিজা বাসভৱনত আত্মহনন কৰে বৰদলৈয়ে। যদিও বৰ্তমানলৈকে আত্মহননৰ কাৰণ জানিব পৰা হোৱা নাই। 

    এজন সফল ব্যৱসায়ী বা উদ্যেগী হিচাপবে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছিল বৰদলৈয়ে।  সোণাপুৰত ধাবা  উদ্যোগৰ গুৰি ধৰোতা আছিল বৰদলৈ। তেৱেই ৮০ দশকত পাতৰকুছিত প্ৰথম ধাবা খুলিছিল আৰু বহুতো নিবনুৱালোকৰ হৈ পৰিছিল আদৰ্শ। দীৰ্ঘদিন কংগ্রেছ দলৰ সৈতে সুসম্পর্ক আছিল জৰ্জ বৰদলৈৰ। পাছলৈ বিজেপিত যোগদান কৰিছিল সমাজকৰ্মী গৰাকীয়ে। জৰ্জেছ ৰিট্ৰিটমেন্ট নামৰ অনুষ্ঠানৰো মুৰব্বী আছিল বৰদলৈ।  ৭০ উৰ্ধৰ সমাজকৰ্মী গৰাকীৰ অকাল বিয়োগত সোণাপুৰত এতিয়া শোকৰ ছাঁ পৰিছে।