• যোৰহাট জিলাৰ আর্থিকভাৱে দুর্বল পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীক 'উজ্জীৱন'ৰ জলপানি

    আঞ্চলিক
    যোৰহাট জিলাৰ আর্থিকভাৱে দুর্বল পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীক 'উজ্জীৱন'ৰ জলপানি
    ডিজিটেল ডেস্কঃ ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। নানা সপোন বুকুত বান্ধি এতিয়া পৰৱৰ্তী শিক্ষা গ্ৰহণৰ বাবে প্ৰস্তুত হৈছে ছাত্ৰ-ছাত্ৰীসকল। ইয়াৰ মাজতে বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে টকাৰ অভাৱৰ বাবে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত থমকি ৰ'ব লগা হৈছে। এনেক্ষেত্ৰত যোৰহাট জিলাৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে যাতে কোনো কাৰণতে শিক্ষা গ্ৰহণৰ সপোন মোহাৰিব লগা নহয় তাৰবাবে আগবাঢ়ি আহিছে অসমৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান 'এন ই উজ্জীৱন ফাউণ্ডেশ্যন'। 

    'এন ই উজ্জীৱন ফাউণ্ডেশ্যন'ৰ সৌজন্যত যােৰহাট জিলাৰ ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হােৱা আর্থিকভাৱে দুর্বল পৰিয়ালৰ মেধাৱী ছাত্র-ছাত্রীৰ উচ্চশিক্ষা গ্রহণত সহায়ক হােৱাকৈ এক জলপানিৰ ব্যৱস্থা কৰিছে। 

    সঞ্চালক শ্ৰীমন্ত মাধৱ দত্তই এক প্ৰেছ বিবৃতিযােগে সংবাদ মাধ্যমক জনায় যে যােৰহাট জিলাৰ অন্তৰ্গত দৰিদ্র সীমাৰেখাৰ তলৰ (BPL) প্রমাণ-পত্র থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলকহে এই জলপানি দিয়াৰ বাবে বিবেচনা কৰা হ'ব। ইচ্ছুক ছাত্র-ছাত্রী তথা তেওঁলােকৰ অভিভাৱকে 8812943099, 9854684251 নম্বৰত যােগাযােগ কৰিব পাৰিব। 

    আৱেদনকাৰীয়ে ফৰ্মৰ লগত এডমিট, মাৰ্কশ্বিট, উত্তীৰ্ণৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি, গাঁও প্ৰধানৰ দৰিদ্ৰ সীমাৰেখাৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি, আৱেদনকাৰীৰ বেংক পাচবুকৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপি জমা দিয়াটো বাধ্যতামূলক। যােগাযােগৰ অন্তিম তাৰিখ ১৫ জুলাই।।