ডিজিটেল ডেস্কঃ অসমৰ আগশাৰীৰ এক সাহিত্য-সংস্কৃতিৰ অনুষ্ঠান 'সম্প্ৰীতিৰ মুক্ত মঞ্চ:অসম'ৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 'সম্প্ৰীতিৰ সতীৰ্থ সন্মিলন' নামেৰে এক বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। অসমৰ প্ৰায় প্ৰতিখন জিলাৰ পৰা অহা দুই শতাধিক ন-পুৰণি কবি-সাহিত্যিকৰ উপস্থিতিত আৰম্ভ হোৱা সন্মিলনৰ বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাহিত্যিক অধ্যাপক ইছমাইল হোছেইনে। গুৱাহাটী মহানগৰ সমিতিয়ে পৰিৱেশন কৰা সমবেত সঙ্গীতেৰে শুভাৰম্ভনি কৰা এই অনুষ্ঠানত সভাপতিত্ব কৰে মঞ্চৰ স্থায়ী সভাপতি শংকৰ যোছেফ হকে আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডাঃ অঞ্জনজ্যোতি চৌধুৰী, ড° ডালিমী কোঁৱৰ, ড° ইন্দিৰা শইকীয়া আদি। এই অনুষ্ঠানতে সাংবাদিক নিপজ্যোতি মেধিক ’উৎকৃষ্ট সাংবাদিকতা’ৰ বঁটা প্ৰদান কৰা হয় ৷
মঞ্চৰ কেন্দ্ৰীয় কাব্য সম্পাদক দীপিকা ফুকনে আঁত ধৰা আজিৰ সন্মিলনত অসমৰ ভিন্ন প্ৰান্তৰ শিক্ষা-সাহিত্য, সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ ৩১ জনকৈ বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰা হয়। তদুপৰি আজিৰ সন্মিলনতে ৯ খনকৈ ন-পুৰণি লেখকৰ গ্ৰন্থও উন্মোচন কৰা হয়। আজি উন্মোচন কৰা গ্ৰন্থকেইখন হ'ল- বিজয়া বৰাৰ 'একাঁজলি শব্দৰ শইচ', আব্দুল কাদেৰৰ 'নিস্তব্ধ নিশাৰ উচুপনি', ডাঃ বন্দনা তামূলীৰ 'মন মগজুৰ ৰণভূমি', চন্দন কলিতাৰ 'যোগ শিক্ষা আৰু স্বাস্থ্যমন্ত্ৰ', ছায়া বালা বৰ্মনৰ 'আপোন হুৰে' আৰু 'আধৰুৱা সপোন', কিৰণ ডেকাৰ 'তমসাত বিজুলীৰ চিকমিকনি', অঞ্জলী বৰদলৈৰ 'অনুপ্ৰেৰণা' আৰু কিৰণ কুমাৰী দেৱীৰ 'বীৰ বালিকা' ।
আজিৰ অনুষ্ঠানৰ মুখ্য আৰু আকৰ্ষণীয় দিশটো হ'ল যে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পাঁচগৰাকীকৈ কন্যাক ৰাজহুৱাভাৱে আজি সম্বৰ্ধনা জনোৱা হয়। 'সম্প্ৰীতিৰ মুক্ত মঞ্চ:অসম'ৰ বিশেষ উদ্যোগত আয়োজন কৰা এই ৰাজহুৱা সম্বৰ্ধনাত আন কেইবাটাও সাহিত্য সংগঠনেও ভাগ লয়। সম্বৰ্ধনা অনুষ্ঠানত ৰূপকোঁৱৰৰ কনিষ্ঠ দুগৰাকী কন্যা ক্ৰমে হেমশ্ৰী আগৰৱালা চলিহা আৰু মনশ্ৰী আগৰৱালা হাজৰিকা স্বাস্থ্যজনিত কাৰণত অনুষ্ঠানত আজি উপস্থিত থাকিব নোৱাৰিলে যদিও দুয়োৰাকীকে তেখেতৰসকলৰ বাসগৃহতে গৈ মঞ্চৰ বিষয়ববীয়াসকলে সম্বৰ্ধনা জনাই থৈ আহে। অনুষ্ঠানত উপস্থিত থকা ৰূপকোঁৱৰৰ তিনিগৰাকী কন্যা ক্ৰমে জয়শ্ৰী আগৰৱালা চলিহা, জ্ঞানশ্ৰী আগৰৱালা পাঠক আৰু সত্যশ্ৰী আগৰৱালা দাসে সম্বৰ্ধনা গ্ৰহণ কৰি যথেষ্ট আবেগিক হৈ পৰা পৰিলক্ষিত হয়। ৮৬ বছৰীয়া জ্যেষ্ঠ কন্যা জয়শ্ৰী আগৰৱালা চলিহা তথা তেখেতৰ ভগ্নীদ্বয়ে তেওঁলোকৰ পিতৃৰ কৰ্মৰাজীক আজিও অসমবাসীয়ে এনেদৰে মনত ৰখাৰ বাবে সম্প্ৰীতিৰ মুক্ত মঞ্চৰ লগতে সমগ্ৰ অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰে।
আৰম্ভণিতে আজিৰ এই সন্মিলনৰ উদ্দেশ্য ব্যাখ্যা কৰে মঞ্চৰ কেন্দ্ৰীয় সম্পাদক কিশোৰ চৌধুৰীয়ে আৰু মুখ্য প্ৰশাসক জুৰি শৰ্মাই আদৰণি ভাষণ আগবঢ়ায়। সন্মিলনত উপস্থিত সকলোলৈকে চাহ আৰু দুপৰীয়াৰ আহাৰ আদি যোগান ধৰাৰ লগতে প্ৰত্যেককে মঞ্চৰ প্ৰতীক সম্বলিত একোখনকৈ গামোচা আৰু স্মৃতিগ্ৰন্থ আদিৰ উপহাৰ আগবঢ়োৱাটো আছিল আজিৰ সন্মিলনখনিৰ এটা উল্লেখনীয় দিশ।
আজিৰ এই সম্প্ৰীতিৰ সতীৰ্থ সন্মিলনখনি সফল কৰি তোলাৰ বাবে অসমৰ ভিন্ন প্ৰান্তৰপৰা অহা দুই শতাধিক কবি-সাহিত্যিকৰ লগতে বিশিষ্ট অতিথিসকল আৰু বিশেষকৈ ৰাজহুৱা সম্বৰ্ধনা গ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰি মঞ্চক কৃতাৰ্থ কৰা ৰূপকোঁৱৰৰ জ্যেষ্ঠ কন্যা জয়শ্ৰী আগৰৱালা চলিহাকে প্ৰমুখ্যে কৰি পাঁচোগৰাকী জ্যোতি-কন্যালৈ 'সম্প্ৰীতিৰ মুক্ত মঞ্চ:অসম'ৰ সভাপতি শংকৰ যোছেফ হক আৰু মুখ্য প্ৰশাসক জুৰি শৰ্মা তথা বিষয়ববীয়াসকলে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে।
Leave A Comment