• জনসংযোগ বিভাগৰ প্ৰাক্তন বিশেষ তথ্য বিষয়া, সাংবাদিক ৰয়েল আহমেদৰ পৰলোকপ্ৰাপ্তি

    আঞ্চলিক
    জনসংযোগ বিভাগৰ প্ৰাক্তন বিশেষ তথ্য বিষয়া, সাংবাদিক  ৰয়েল আহমেদৰ পৰলোকপ্ৰাপ্তি
    ডিজিটেল ডেস্কঃকলকাতাৰ অসম ভৱনত সুদীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰা জনসংযোগ বিভাগৰ প্ৰাক্তন বিশেষ তথ্য বিষয়া ৰয়েল আহমেদৰ পৰলোকপ্ৰাপ্তিত তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰায় প্ৰমুখ্যে বিষয়া-কৰ্মচাৰীসকলে গভীৰ শোক প্ৰকাশ কৰিছে। এক শোকবাৰ্তাত সঞ্চালকগৰাকীয়ে কয় যে বিভাগৰ এগৰাকী জনপ্ৰিয় তথা কৰ্মদক্ষ বিষয়া হিচাপে সুখ্যাতিৰে সেৱা আগবঢ়োৱাৰ লগতে এগৰাকী বিশিষ্ট সাংবাদিক হিচাপেও ৰয়েল আহমেদে সংবাদক্ষেত্ৰক সমৃদ্ধ কৰি থৈ গৈছে।

     কেবাখনো আগশাৰীৰ বাতৰি কাকতৰ যোগেদি সংবাদসেৱা কৰাৰ লগতে সম্পাদনা আৰু লেখা-মেলাৰে আন একাধিক সৰু-বৰ কাকতক সমৃদ্ধ কৰা ৰয়েল আহমেদৰ বিয়োগ ৰাজ্যৰ সংবাদক্ষেত্ৰ তথা বৌদ্ধিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি তেওঁ উল্লেখ কৰে। সঞ্চালকালয়ৰ বিষয়া-কৰ্মচাৰীসকলে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি প্ৰয়াত আহমেদৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।