• নিজানে-নিতালে জোনমণি শুই আছে শ্মশানঘাটত! এতিয়া মুক্ত আইনী যুদ্ধৰ পৰাও

    আঞ্চলিক
    নিজানে-নিতালে জোনমণি শুই আছে শ্মশানঘাটত! এতিয়া মুক্ত আইনী যুদ্ধৰ পৰাও
    জোনমণি ৰাভা চিৰদিনলৈ হেৰাই থাকিল। জোনমণিৰ মৃত্যু অসমবাসীৰ বাবে আজিও ৰহস্যৰ বিষয়। মাঁথো ৩০ বছৰ বয়সতে  এটি সম্ভাৱনা অকালতে মৰহি গ’ল।  অসম আৰক্ষীৰ SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহাৰ আশাত এতিয়াও ৰৈ আছে তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসী।

    জোনমণি এগৰাকী সাহসী, সক্ৰিয় আৰু সপ্ৰতিভ ছোৱালী আছিল। জোনমণি ৰাভা নামটো মৃত্যুৰ উপৰিও আগতে বহু কাৰণত চৰ্চালৈ আহিছিল। অসমবাসীৰ বাবে এটা চিনাকি নাম আছিল জোনমণি ৰাভা। 

    এজন ৰাজনীতিকক যুক্তিসংগত কথাত মুখে মুখে জবাব দিয়াৰ কাৰণে, জবাব দিবলৈ ভয় নকৰা কাৰণে জোনমণি ৰাভাৰ নাম চৰ্চালৈ আহিছিল। সেই সাহসৰ বাবে তেওঁ চৰ্চিত হৈছিল। 

    তাৰপাছত বিত্তীয় প্ৰবঞ্চনা কৰা বাবে প্ৰেমিকক জে’ললৈ প্ৰেৰণ কৰি পুনৰবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল জোনমণি। নিজ হাতেৰে নিজ প্ৰেমিকক গ্ৰেপ্তাৰ কৰি বাতৰিৰ শিৰোনাম দখল কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল জোনমণি ৰাভাই । পিছে প্ৰেমিকৰ সৈতে লগ লাগি প্ৰবঞ্চনাৰে ধন আত্মসাৎ কৰাৰ অভিযোগত প্ৰবঞ্চনাৰ জালত নাম সাঙোৰ খাই পৰিছিল জোনমণি ৰাভাৰ নামো । যাৰ বাবে জোনমণিক গ্ৰেপ্তাৰো কৰা হৈছিল।

    জোনমণি ৰাভাক লেডী সিংঘম বুলি কোৱা হৈছিল। সাহসী আৰক্ষী বিষয়া হিচাপে নাম অৰ্জন কৰিছিল জোনমণিয়ে। পাছে সময়ৰ কুটিল পাকচক্ৰত হেৰাই গ’ল সাহসী জোনমণি। ২০২৩ বৰ্ষৰ ১৬ মে’ত জোনমণি ৰাভাৰ মৃত্যু হয়। 

    জোনমণিৰ মৃত্যু হত্যাকাণ্ড, আত্মহত্যা নে দুৰ্ঘটনা আছিল? এই বিশেষ প্ৰশ্নটোৱে খেদি ফুৰিছিল অসমৰ জনতাক। প্ৰথমে অসম আৰক্ষীৰ চি আই ডি আৰু চি আই ডিৰ পৰা এই প্ৰশ্নটোৰ উত্তৰৰ সন্ধানত নামিছিল চি বি আই।

    জোনমণিৰ মৃত্যুক অসমৰ ৰাইজে সহজভাৱে ল'ব পৰা নাছিল। যাৰবাবে ছ'চিয়েল মিডিয়াত জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য উদ্ধাৰ কৰিবলৈ প্ৰবল জনমত গঠন হৈছিল। সেই জনমতৰ জোৰ দেখি অসম চৰকাৰেও ঘটনাটোৰ দায়িত্ব চিবিআইক অৰ্পন কৰিবলৈ বাধ্য হৈছিল। 

    চিআইডিৰ পৰা চিবিআইয়ে চমজি লৈছিল জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত। চিবিআইয়ে গোটেই ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া হাতত লোৱাৰ পিছৰে পৰা সকলো একপ্ৰকাৰ নিশ্চিত হৈছিল যে, জোনমণি কাণ্ডৰ সঁচা কাহিনী পোহৰলৈ আহিব।

    ২০২৪ বৰ্ষৰ ৭ ফেব্ৰুৱাৰী, বুধবাৰে জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ ৰহস্য ফাদিল হ'ল। নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত চি বি আইয়ে জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰে। চিবিআইয়ে দাখিল কৰা চূড়ান্ত প্ৰতিবেদন অনুসৰি দুৰ্ঘটনাত পতিত হৈয়ে মৃত্যু হৈছিল জোনমণি ৰাভাৰ। এয়া কোনো অস্বাভাৱিক বা ৰহস্যজনক মৃত্যুৰ ঘটনা নহয়।

    পথ দুৰ্ঘটনাতে জোনমণিৰ মৃত্যু হৈছিল বুলি চিবিআইয়ে দিয়া চূড়ান্ত প্ৰতিবেদনত আশাহত হয় অসমবাসী। এগৰাকী দক্ষ সাহসী আৰক্ষী বিষয়াৰ সেই মৃত্যু কিমান স্বাভাৱিক আছিল সেয়া আজিও ৰহস্য হৈ থাকিল।

    চিবিআইয়ে জোনমণি ঘটনাক লৈ প্ৰতিবেদন দাখিল কৰিলেও এই প্ৰতিবেদক লৈ আশ্বস্ত হ'ব পৰা নাছিল জোনমণিৰ পৰিয়াল আৰু তেওঁৰ শুভাকাংক্ষীসকল। চি বি আইৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে জোনমণি ৰাভাৰ মাতৃয়ে চি বি আইৰ তদন্ত প্ৰক্ৰিয়াত সন্তুষ্ট নহয় বুলি ক্ষোভ প্ৰকাশ কৰিছিল।

    প্ৰথমৰে পৰা জোনমণিৰ মাতৃয়ে এয়া দুৰ্ঘটনা নহয় হত্যাহে বুলি দাবী কৰি আহিছিল। চিবিআইৰ প্ৰতিবেদনত সন্তুষ্ট নহৈ মাতৃয়ে জোনমণিৰ মৃত্যুৰ ন্যায় বিচাৰি দুটাকৈ গোচৰ ৰুজু কৰিছিল। পাছে সকলোকে আচৰিত কৰি  ৪ এপ্ৰিল, বৃহস্পতিবাৰে কলিয়াবৰ ন্যায়িক আদালতত উপস্থিত হয় জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা। 

    জখলাবন্ধা আৰক্ষী থানাত ৰুজু হোৱা ৮৪/২৩ আৰু ৮৭/২৩ নম্বৰৰ দুয়োটা গোচৰ সন্দৰ্ভত ক’ৰ্টত উপস্থিত হয় জোনমণি ৰাভাৰ মাতৃ। 

    ব্যক্তিগত অসুবিধাৰ বাবে সুমিত্ৰা ৰাভাই গোচৰ দুটা উঠাই লোৱাৰ বাবে আবেদন কৰে। সুমিত্ৰা ৰাভাৰ লগত আছিল চি বি আইৰ বিষয়া। 

    গোচৰ উঠাই ল’বলৈ কোনো শক্তিয়ে সুমিত্ৰা ৰাভাক হেঁচা দিলেনে..নে এয়া তেওঁৰ ব্যক্তিগত সিদ্ধান্ত সেয়া গভীৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিল। 

    পুনৰ গভীৰ ৰসহ্যৰ মাজত সোমাই পৰিল জোনমণি ৰাভাৰ মৃত্যুৰ বাতৰি। এতিয়া মাঁথো এটাই প্ৰশ্ন-এদিন হ'লেও জোনমণি ৰাভাই ন্যায় পাবনে? 

     জোনমণিৰ মাতৃৰ বুকুত জ্বলি থাকিল একুৰা শোকৰ জুই। মাতৃয়ে বিস্ফোৰক মন্তব্য কৰি কৈছিল, ‘মই জানো, জোনমণিক হত্যা কৰা হৈছে৷’ কিন্তু সময় বাগৰাৰ লগে লগে সেই ক্ষোভৰ জুইকুৰাও লাহে লাহে নুমাই আহিছে। এদিন ক্ষোভত ফাটি পৰা মাতৃয়ে অৱশেষত উঠাই ল’লে জোনমনিক হত্যা কৰা হৈছে বুলি তদন্ত বিচাৰি দিয়া সকলো গোচৰ।

    এটা সময়ত মাতৃয়ে চিঞৰি চিঞৰি কৈছিল ‘‘মই মোৰ ছোৱালীক হেৰুৱালো৷ তাই গছ হৈ পৰিয়ালটোক ছাঁ দি আছিল৷ তাই নিজেই এক্সিডেণ্ট হৈ মৰিলে এই মৃত্যুক মানি ল’লোহেতেন৷ বেমাৰ হৈ মৰিলেও এই মৃত্যুক স্বীকাৰ কৰিলোহেতেন৷ তেওঁলোকে মাতি নি বুদ্ধি কৰি মাৰি পেলালে৷’ ’ এতিয়া সেই মাতৃয়ে নীৰৱ হৈ পৰিল।মাতৃ এতিয়া নিমাত।  নীৰৱে তেওঁ উঠাই ল’লে কন্যাৰ মৃত্যুত তেওঁ তৰা আটাইবোৰ গোচৰ।

    জোনমণি আঁতৰি গ’ল কিন্তু এৰি থৈ গ’ল বহুতো প্ৰশ্ন।  নিজানে-নিতালে জোনমণি ৰাভা শুই আছে শ্মশানঘাটত। এতিয়া তেওঁ আইনী যুদ্ধৰ পৰাও মুক্ত।