• জোনমণি ৰাভাৰ মৃত্যু অধ্যায়ৰ সামৰণি CBIৰ; SP লীনা দলেসহ ১০ আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ

    আঞ্চলিক
    জোনমণি ৰাভাৰ মৃত্যু অধ্যায়ৰ সামৰণি CBIৰ; SP লীনা দলেসহ ১০ আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ
    ডিজিটেল ডেস্ক: অসম আৰক্ষীৰ এগৰাকী দক্ষ আৰক্ষী বিষয়া জোনমণি ৰাভা। জোনমণি ৰাভাই ২০২৩ চনৰ ১৬ মে'ৰ পুৱতি নিশা জখলাবন্ধাত এটা ৰহস্যজনক দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাইছিল। অসমৰ প্ৰায় সংখ্যক লোকেই আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ ৰহস্য ভেদ হোৱাটো কামনা কৰিছিল। ৰাজ্যত গঠন হোৱা জনমতৰ প্ৰতি সন্মান জনাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ তদন্ত অৰ্পন কৰিছিল চি বি আইক।

    ৰহস্যজনক দুর্ঘটনাত মৃত্যু হোৱা ঘটনাই ডেৰ বছৰৰ পাছত লৈছে নতুন পাক। নগাঁৱৰ টাউন মৰিকলং থানাত কৰ্মৰত এছ আই জোনমণি ৰাভাৰ মৃতদেহ বিগত বৰ্ষৰ ১৬ মে'ত জখলাবন্ধাৰ ৰাজপথত ৰহস্যজনকভাৱে উদ্ধাৰ হোৱা ঘটনাক চিবিআয়ে সাধাৰণ পথ দুর্ঘটনা বুলি নিশ্চিত কৰি চূড়ান্ত প্রতিবেদন দাখিল কৰিছিল। 

    লক্ষণীয়ভাৱে - কেতবোৰ বিস্ফোৰক অভিযোেগ সম্বলিত প্রতিবেদন দাখিল কৰিয়েই জোনমণি ৰাভাৰ মৃত্যু অধ্যায় সামৰি থ'লে চিবিআয়ে। তাৎপর্যপূর্ণভাৱে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি চিবিআয়ে দাখিল কৰা প্ৰতিবেদনত এছ আই গৰাকীৰ মৃত্যুক লৈ অসম আৰক্ষীৰ বিৰুদ্ধে কেতবোৰ গাফিলতি তথা ঘটনাটোৰ তথ্য-প্রমাণ নষ্ট কৰা আৰু নকল সোণ, জাল নোট চক্রৰে নগাঁও আৰু লখিমপুৰ আৰক্ষীৰ গোপন সম্পৰ্কৰ ভয়ংকৰ দিশ উনুকিয়াই দিয়া হৈছিল। 

    অসম আৰক্ষীয়ে জোনমণি ৰাভাৰ মৃত্যু ঘটনাক লৈ প্রথমৰ পৰা ৰহস্যজনক ভূমিকা, লোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে যদিও এতিয়া চিবিআইৰ প্রতিবেদনৰ ভিত্তিত নগাঁৱৰ তদানীন্তন এছ পি লীনা দলেকে ধৰি অসম ৰ আৰক্ষীৰ মুঠ ১০জন বিষয়া-জোৱানৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা কৰিছে ৰাজ্যৰ গৃহ বিভাগে। 

    নগাঁৱৰ তদানীন্তন এছ পি তথা বর্তমান হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত লীনা দলে, লখিমপুৰৰ তদানীন্তন এছ পি বেদান্ত মাধৱ ৰাজখোৱা, নগাঁৱৰ অপৰাধ শাখাৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নির্দেশ দিছে গৃহ বিভাগে। এছ পি বেদান্ত মাধৱ ৰাজখোৱা আৰু এ এছ পি ৰূপজ্যোতি কলিতা বৰ্তমান অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত। ইয়াৰোপৰি জখলাবন্ধাৰ থানাৰ তদানীন্তন অ' চি পৱন কলিতা, জখলাবন্ধা থানাৰ তদানীন্তন এছ আই জাকাৰিয়া - চৌধুৰী, হয়বৰগাঁও আৰক্ষী চকীৰ আই চি আভাজ্যোতি ৰাভা, নগাঁও থানাৰ বৰ্তমানৰ টি 'এছ আই উৎপল বৈশ্য, মৰিকলং আৰক্ষী চকীৰ তদানীন্তন প্রশিক্ষণৰত এছ আই মনোজ বৰুৱাৰ লগতে কনিষ্টবল বের বনিয়া আৰু মজিবুৰ বহমানৰ বিৰুদ্ধেও বিভাগীয় তদন্ত ঘোষণা কৰা হৈছে। লক্ষণীয়ভাবে জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোৰ সংক্রান্ততে তথ্য প্রমাণ নষ্টৰ অপৰাধত নগাঁৱৰ গৃহৰক্ষী জোৱান চন্দ বৰা আনাৰুল ইছলামক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। 

    তদন্তত গাফিলতিৰ লগতে জাল নোট আৰু নকল সোণৰ নেক্সাচত জড়িত থকাৰ অভিযোগত আৰম্ভ হ'ব বিভাগীয় তদন্ত৷ তদন্তত দোষী সাব্যস্ত হ'লে বিভাগীয় শাস্তিৰ সন্মুখীন হ’ব আৰক্ষী বিষয়া কেইজন৷