• প্ৰসংগ জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু ; চিবিআইৰ তদন্ত জাৰি

    আঞ্চলিক
    প্ৰসংগ জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু ; চিবিআইৰ তদন্ত জাৰি
    ডিজিটেল ডেস্ক: অসম আৰক্ষীৰ এগৰাকী দক্ষ আৰক্ষী বিষয়া জোনমণি ৰাভা। জোনমণি ৰাভাই বিগত বৰ্ষৰ ১৬ মে'ৰ পুৱতি নিশা জখলাবন্ধাত এটা ৰহস্যজনক দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাইছিল। অসমৰ প্ৰায় সংখ্যক লোকেই আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ ৰহস্য ভেদ হোৱাটো কামনা কৰিছিল। ৰাজ্যত গঠন হোৱা জনমতৰ প্ৰতি সন্মান জনাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ তদন্ত অৰ্পন কৰিছিল চি বি আইক।


    উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত চিবিআইৰ তদন্ত অব্যাহত থকাৰ মাজতে নগাঁৱৰ দুজনকৈ গৃহৰক্ষী জোৱানক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে । লগতে দুজন লোকৰ বিৰুদ্ধে নগাঁও সদৰ থানাত গোচৰ ৰুজু কৰা হৈছে । চাকৰিৰ পৰা বৰ্খাস্ত হোৱা গৃহৰক্ষী জোৱানদ্বয় ছন্দ বৰা আৰু আনাৰুল ইছলাম । আনহাতে গোচৰ ৰুজু হৈছে ৰছিদুল হুছেইন ওৰফে ৰছিদুল হক আৰু ৰাজু বাস্ফৰৰ বিৰুদ্ধে । 

    জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সময়ত কৰ্তব্যৰত আছিল চাকৰিৰ পৰা বৰ্খাস্ত হোৱা গৃহৰক্ষী জোৱানদ্বয় । ৰাজু বাস্ফৰো কৰ্তব্যৰত আছিল । জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ক্লু নষ্ট কৰাত কেতবোৰ সন্দেহজনক ভূমিকাত অৱতীৰ্ণ হৈছিল গৃহৰক্ষী জোৱানদ্বয়ৰ লগতে ৰাজু আৰু ৰছিদুল ।


    নগাঁৱৰ পূৰ্বৰ এছপি লীনা দলে আৰু লক্ষীমপুৰৰ পূৰ্বৰ এছপি বেদান্ত মাধৱ ৰাজখোৱাৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ  নিৰ্দেশ অসম আৰক্ষীক। নগাঁৱৰ পূৰ্বৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ। লীনা দলে বৰ্তমান হাইলাকান্দিৰ আৰক্ষী অধীক্ষক ৰূপে কৰ্মৰত হৈ আছে। বেদান্ত মাধৱ ৰাজখোৱা আৰু ৰূপজ্যোতি কলিতা আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত হৈ আছে।

    চি বি আইৰ শেহতীয়া প্ৰতিবেদনৰ ভিত্তিত অসম আৰক্ষীৰ সাতগৰাকীকৈ বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে । সেই সময়ত জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা সাতগৰাকীকৈ বিষয়াৰ নাম চি বি আইৰ প্ৰতিবেদনত উল্লেখ কৰাৰ পিচতেই বিষয়াকেইগৰাকীৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে ।

    সেই সময়ৰ জখলাবন্ধা থানাৰ অ’চি পৱন কলিতা, হয়বৰগাঁও আৰক্ষী চকীৰ আইচি আভাজ্যোতি ৰাভা, নগাঁৱৰ এচ আই উৎপল বৈশ্য, জখলাবন্ধা থানাৰ এচ আই জাকাৰিয়া চৌধুৰী, মৰিকলং আৰক্ষী চকীৰ এচ আই (পি) মনোজ বৰুৱাৰ লগতে ইউ বি কনিষ্টবল ৰেৱ বনিয়া আৰু মজিবুৰ ৰহমানৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ ৷ তদন্তত গাফিলতিৰ লগতে জাল নোট আৰু নকল সোণৰ নেক্সাচত জড়িত থকাৰ অভিযোগত আৰম্ভ হ'ব বিভাগীয় তদন্ত ৷তদন্তত দোষী সাব্যস্ত হ'লে বিভাগীয় শাস্তিৰ সন্মুখিন হ’ব আৰক্ষী বিষয়া কেইজন ৷