ডিজিটেল ডেস্কঃ শনিবাৰে দিনৰ ১ বজাত গুৱাহাটীৰ পাণবজাৰস্থিত 'পূৰ্বায়ণ' প্ৰকাশনৰ কাৰ্যালয়ত জুনু বৰাৰ নাৰী বিষয়ক গ্ৰন্থ 'সবলীকৰণৰ ছাঁ পোহৰত নাৰী' উন্মোচন কৰে শিক্ষাবিদ ড০ ইন্দ্ৰাণী দত্তই। উন্মোচনী ভাষণত তেওঁ কয় যে এই গ্ৰন্থখনৰ প্ৰতিটো প্ৰবন্ধই গুৰুত্বপূৰ্ণ আৰু নাৰী বিষয়ৰ অধ্যয়নৰ সমালস্বৰূপ।
অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লেখিকা তথা সমাজকৰ্মী ৰাণী গোহাঁই, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সৌৰভপ্ৰাণ গোস্বামী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপিকা তথা লেখিকা ড০ অনুৰাধা শৰ্মা। গ্ৰন্থখনৰ সন্দৰ্ভত ড০ অনুৰাধা শৰ্মাই কয় যে,"এতিয়াও সমাজত কুসংস্কাৰ আৰু লিংগ বৈষম্য বিদ্যমান। ইয়াৰ বিৰুদ্ধে সংগ্ৰাম যথেষ্ট জটিল। কিন্তু এই সংগ্ৰাম আগুৱাই নিব লাগিব।"
অনুষ্ঠানটিত সুচিত্ৰা ৰাভা সাহা, জাকিৰ হুছেইন সৰকাৰ, প্ৰাণদ্বীপ বৰঠাকুৰ, ৰুমী তালুকদাৰ, সমীৰ চৌধুৰী, নিত্যানন্দ দাস, য়াচমীন আৰা বেগম আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গাম্ভিৰ্যপূৰ্ণ সভাখনত আঁত ধৰে দিছপুৰ কলেজৰ প্ৰাক্তন উপাধ্যক্ষ ড: জয়জ্যোতি গোস্বামীয়ে।
Leave A Comment