• জ্যোতিপ্ৰসাদ আগৰৱালা; যাৰ বিপ্লৱী চেতনাত গজি উঠিছিল নতুন চিন্তাৰ উন্মেষ

    আঞ্চলিক
    জ্যোতিপ্ৰসাদ আগৰৱালা; যাৰ বিপ্লৱী চেতনাত গজি উঠিছিল নতুন চিন্তাৰ উন্মেষ
    ডিজিটেল ডেস্ক: অসমৰ জাতীয় জীৱনক সাংস্কৃতিক চেতনাৰে সমৃদ্ধ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ১১৯সংখ্যক ওপজা দিন৷ ৰূপান্তৰৰ সাধনাই আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ মহামন্ত্ৰ৷ জনতাৰ হৃদয়ত আছিল তেওঁৰ উপাসনাৰ থাপনা৷ অসমবাসীৰ মনত এৰি গৈছে তেওঁ শিল্পসাধনাৰ স্বৰ্ণিল খোজ৷ এক বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰ অধিকাৰী আছিল তেওঁ৷

    জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৃষ্টি, সৃষ্টি, দৰ্শন আৰু আদৰ্শত প্ৰাণ পাই উঠিছিল জাতীয়তাবাদী চিন্তা-চেতনা৷ তেওঁ কেৱল ৰূপকোঁৱৰেই নাছিল, তেওঁ আছিল বিপ্লৱৰ পূজাৰী৷ সাম্যবাদৰ পৰা গান্ধীবাদলৈ সামৰি তেওঁ নিৰ্মাণ কৰিছিল নৱচিন্তাৰ ভেটি৷

    জ্যোতিপ্ৰসাদ আগৰৱালা কেৱল অসমীয়া জাতীয় সংস্কৃতিৰ সংস্কাৰক নাছিল৷ বিষ্ণুপ্ৰসাদ ৰাভাই কোৱাৰ দৰে তেওঁ আছিল আজীৱন ৰূপতীৰ্থৰ যাত্ৰী।জ্যোতিপ্ৰসাদ, নামটোৰ দৰেই ব্যক্তিত্বৰ জ্যোতিৰে ৰূপান্তৰৰ দৰ্শনেৰে সামাজিক দমন-শোষণৰ বিৰুদ্ধে অশুভ নাশি শুভবোধৰ চেতনা জাগ্ৰত কৰিবলৈ সাংস্কৃতিক বিপ্লৱৰ গুৰি ধৰিছিল তেওঁ৷

    অধ্যয়ন কৰিবলৈ গৈছিল বিলাতলৈ৷ উভতি আহি জ্যোতিপ্ৰসাদ আগৰৱালাই দেশমাতৃৰ আকুল আহ্বানত জঁপিয়াই পৰিছিল ভাৰতৰ স্বাধীনতা আন্দোলনত৷ ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটে জ্যোতি আগৰৱালাই। ১৯৩৩ চনৰ শেষৰফালে তেওঁ ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ’ স্থাপন কৰি প্ৰথম অসমীয়া চিনেমা ‘জয়মতী’ৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে। সেয়া আছিল এক অসমৰ দীঘলীয়া সাংস্কৃতিক বিৱৰ্তনৰ অন্যতম স্তৰ৷

    লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ আধাৰত নিৰ্মিত চিনেমাখনে ১৯৩৫ চনত মুক্তি লাভ কৰিছিল৷ ১৯৩৯ চনত তেওঁ নিৰ্মাণ কৰিছিল দ্বিতীয়খন অসমীয়া চিনেমা ‘ইন্দ্ৰমালতী’৷ ১৯৪১ চনৰ পৰা জ্যোতিপ্ৰসাদ পুনৰ স্বাধীনতা আন্দোলনত জড়িত হৈ পৰে তেওঁ৷ ’৪২ৰ ভাৰত ত্যাগ আন্দোলনতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল এইগৰাকী বিপ্লৱী শিল্পীয়ে৷

    আধুনিকতাই অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিক উদ্ভাসিত কৰি তোলাৰ সময়তে সুন্দৰৰ সাধক জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিন্তাই নতুন স্বপ্নৰ বাট কাটিছিল৷ বিংশ শতিকাৰ প্ৰথমাৰ্ধত বিশেষকৈ অসমীয়া সাংস্কৃতিক ক্ষেত্রখনত নৱজাগৰণৰ উন্মেষণ কৰা ব্যক্তিগৰাকীয়েই আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। নিজৰ সৃষ্টিশীল চিন্তা-চৰ্চাৰে বিপ্লৱৰ জয়গান গোৱা তেওঁৱেই জনতাৰ প্ৰাণৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা৷

    সংস্কৃতিৰ সম্পৰ্কে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ধাৰণা আছিল গভীৰ বোধসম্পন্ন। অসমীয়া সংস্কৃতি আৰু ভাৰতীয় সংস্কৃতিৰ মাজৰ বিভিন্ন ৰূপসমূহৰ বিষয়ে তেওঁৰ প্ৰবন্ধত প্ৰকাশ পাইছে। বিশেষকৈ সাংস্কৃতিক চেতনাবোধসম্পন্ন প্ৰবন্ধসমূহত তেওঁৰ সাংস্কৃতিক সৃষ্টি আৰু চিন্তাৰ অন্তৰালত থকা সামাজিক আৰু ৰাজনৈতিক দৃষ্টিভংগীৰ স্পষ্ট প্ৰতিফলন দেখিবলৈ পোৱা যায়৷

    ১৯৪৮ চনত অনুষ্ঠিত হোৱা সদৌ অসম শিল্পী সংঘৰ সভাপতিৰূপে তেওঁৰ অভিভাষণত বিশ্বৰ সামগ্ৰিক প্ৰেক্ষাপটক সমুখত ৰাখি মহাপুৰুষ শংকৰদেৱসৃষ্ট অসমীয়া কৃষ্টিক তেওঁ নতুন দৃষ্টিভংগীৰে উন্মোচিত ধৰিছিল। তেওঁৰ মতে শিল্পী অসমৰ বা ভাৰতৰ নহয়, শিল্পী পৃথিৱীৰ৷ সমাজ পৰিৱৰ্তন আৰু ৰাজনৈতিক বিপ্লৱৰ আগতেই জ্যোতিপ্ৰসাদে সাংস্কৃতিক বিপ্লৱৰ পোষকতা কৰিছিল৷ এফালে মানৱতাবাদী দৰ্শন আনফালে সংগ্ৰামৰ মাজেৰে সুন্দৰৰ আৰধনাত তেওঁ আছিল গভীৰ বিশ্বাসী৷