ডিজিটেল ডেস্কঃ সামৰণি পৰিল অম্বুবাচীৰ মহাপয়োভৰ মেলাৰ৷ দেওবাৰে পুৱা ৮.৪১ বজাত মা কামাখ্যাৰ নিবৃত্তি হয়৷ নিবৃত্তিৰ লগে লগেই খুলি দিয়া হ’ল মা কামাখ্যা ধামৰ মূল দুৱাৰ। পুৱাৰে পৰা কামাখ্যা মন্দিৰত ভক্তৰ লানি নিছিগা সোঁত দেখিবলৈ পোৱা গৈছে। দেৱী স্নান নিত্য পূজা সমাপন হোৱাৰ পিছতে মন্দিৰৰ মুখ্য দুৱাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হয়৷
২২ তাৰিখৰ পৰা মা কামাখ্যাৰ প্ৰবৃত্তিৰ বাবে বন্ধ হৈ আছিল মন্দিৰৰ মুল দুৱাৰ। আজি নিবৃত্তিৰ লগে লগে মা কামাখ্যাক দৰ্শন কৰিবলৈ অগণন ভক্তই ভিৰ কৰিছে। সন্ধিয়া ৬ বজালৈ ভক্তৰ বাবে খেলা থাকিব মুখ্য দুৱাৰ৷ যোৱা তিনিদিন ধৰি দেৱালয়ত অম্বুবাচী মেলাৰ বাবে উখল মাখল পৰিৱেশ বিৰাজ কৰিছিল৷ এইবাৰ অম্বুবাচীত প্ৰায় ১০ লাখ ভক্তৰ সমাগম হয়৷ দেশ বিদেশৰ বহু ভক্ত অহাৰ লগতে সাধু সন্ন্যাসীৰে ভৰি পৰিছিল কামাখ্যা মন্দিৰ৷ দেওবাৰে পুৱাই ৰাজ্যপাল জগদীশ মুখীয়ে পত্নীসহ কামাখ্যা মন্দিৰ দৰ্শন কৰে৷ৰাজ্যপালগৰাকীয়েও পুৱাতেই গৈ আশিষ ল’লে মা কামাখ্যাৰ।
ভক্তপ্ৰাণ লোকৰ ভিৰত এতিয়া উথপথপ মা কামাখ্যা ধামৰ প্ৰাংগন। পুৱতি নিশাৰ পৰাই ভিৰ কৰিছেহি অগণন ভক্তই। অম্বুবাচী নিবৃত্তিৰ লগে-লগেই সকলো মানুহৰ ঘৰত ব্যস্ততাৰ অন্ত নোহোৱা হয়। সকলো লোকেই ঘৰৰ সকলো বাচন-বর্তন, কাপোৰ-কানি, ঘৰ-দুৱাৰ,চাফ-চিকুন কৰে আৰু শান্তি পানী ছটিয়াই সকলো শুদ্ধিকৰণ কৰে। ইয়াক চুৱা ভঙা বুলি কোৱা হয়। তাৰ পিছতহে মানুহে নিজৰ-নিজৰ উপাসনাস্থলীত প্ৰবেশ কৰিব পাৰে আৰু মাংগলিক কাৰ্যত ভাগ ল’ব পাৰে।
Leave A Comment