ডিজিটেল ডেস্কঃ উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপৰ জীৱনলৈ আহিল এক দুঃসংবাদ। অকলশৰীয়া হৈ পৰিল কমলিকা। শুকুৰবাৰে মৃত্যুক সাবটি ল’লে কমলিকাৰ পিতৃ ভূপেন দাসে। ক'ভিডৰ সময়ত মাতৃ বিশিষ্ট কণ্ঠশিল্পী ভিতালী দাসক হেৰুৱাই পিতৃকে সাৰথি কৰি জীৱন বাটত আগুৱাই গৈছিল কমলিকা। কিন্তু বিধাতাৰ লিখন নাযায় খণ্ডন।
কণ্ঠশিল্পী ভিতালী দাসৰ স্বামী তথা কমলিকাৰ পিতৃ ভূপেন দাসৰ আজি নিজ বাসগৃহত কিছুসময় পূৰ্বে মৃত্যু হয়।
মহানগৰীৰ গাড়ীগাঁওস্থিত নিজ বাসগৃহতে শেষ নিঃশ্বাস ত্যাগ কৰে ভূপেন দাসে। ভূপেন দাসে দীৰ্ঘদিন ধৰি মধুমেহ ৰোগ আৰু বৃক্কজনিত সমস্যাত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, ২০২১ চনৰ ২১ এপ্ৰিলত ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল কণ্ঠশিল্পী ভিতালী দাসে। আজি ভিতালী দাসৰ স্বামী ভূপেন দাসৰ মৃত্যুৰ লগে লগে পিতৃকো হেৰুৱাই নিথৰুৱা হ’ল কমলিকা কাশ্যপ।
ভূপেন দাস কেৱল ভিতালী দাসৰ স্বামী হিচাপেই পৰিচিত নহয়। ভূপেন দাস আছিল এজন সুদক্ষ তবলা বাদক।
পুৱা শ্বাস-প্ৰশ্বাসত তেওঁ অসুবিধা পোৱাত ভৰ্তি কৰোৱা হৈছিল জালুকবাৰীৰ শইকীয়া নাৰ্চিং হোমত। ১২.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বাদ্যশিল্পী ভূপেন দাসে।
এতিয়া অসমীয়া মানুহৰ আশীৰ্বাদৰ হাতখন আৰু সাহসৰ মাতষাৰেই জীৱনৰ সাৰ হ’ব কমলিকাৰ। ভূপেন দাসৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে এই দুখ সহিবলৈ ঈশ্বৰে কমলিকাক শক্তি দিয়ক এয়াই প্ৰাৰ্থনা...।
Leave A Comment