ডিজিটেল ডেস্কঃ কামপুৰ উৰণ সেতুত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে যাত্ৰীবাহী টমটম৷ বিদ্যালয়লৈ ৫ জন ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিছিল টমটমখনে৷
দুৰ্ঘটনাত ৩ জন ছাত্ৰ-ছাত্ৰী আহত হৈছে৷ আহতসকলক ততাতৈয়াকৈ কামপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰিছে ASN 5044 নম্বৰৰ ট্ৰাকখন৷ দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাক চালকৰ পলায়ন। স্কুলৰ সময়ত গধুৰ যানবাহন চলাচল বন্ধ কৰিবলৈ বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত কামপুৰ পৌৰসভা আৰু প্ৰশাসন।
দুদিন মান নাটকৰ আখৰা কৰাৰ দৰে বিদ্যালয় আৰম্ভ আৰু চুটিৰ সময়ত গধুৰ যানবাহন চলাচল প্ৰশাসন আৰু পৌৰসভাই বন্ধ কৰিছিল যদিও বৰ্তমান দৈনিক পাৰ হয় শ শ ট্ৰাক-ডাম্পাৰ৷
Leave A Comment