• কৰিমগঞ্জত হৃদয়বিদাৰক ঘটনা; মাতৃয়ে প্ৰাণ কাঢ়িলে তিনি সন্তানৰ

    আঞ্চলিক
    কৰিমগঞ্জত হৃদয়বিদাৰক ঘটনা; মাতৃয়ে প্ৰাণ কাঢ়িলে তিনি সন্তানৰ
    ডিজিটেল ডেস্ক: কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰৰ ডলুগাংগত সংঘটিত হৈছে এটি হৃদয়বিদাৰক ঘটনা। এগৰাকী মাতৃয়ে সংঘটিত কৰে চেতনাক জোকাৰি যোৱা চাঞ্চল্যকৰ হত্যাকাণ্ড। প্ৰথমে মহিলাগৰাকীয়ে নিজৰ ৩ সন্তানক হত্যা কৰে। আৰু নিজৰ ৭ বছৰীয়া ভগ্নীক আহত কৰি আত্মহত্যা কৰাৰ অপচেষ্টা কৰে৷ এই জঘন্য হত্যাকাণ্ড সংঘটিত কৰা মহিলাগৰাকীৰ‌ নাম শ্বাহেনা আফৰ’জ।

    দেওবাৰ দিনৰ ভাগত গাঁৱৰ চেমনীয়াবোৰে পথাৰলৈ গোধন লৈ যোৱাৰ সময়ত প্ৰত্যক্ষ কৰে যে শৰীফ উদ্দিনৰ পত্নী শ্বাহেনাই নিজৰ সন্তানক দাৰে আক্ৰমণ কৰি আছে৷ তাৰ পাছত প্ৰত্যক্ষদৰ্শীৰ চিঞৰ-বাখৰ শুনি গাঁৱৰ মানুহ গোট খাই দেখা পায় বিচনাত তিনিটা শিশুৰ মৃতদেহ পৰি আছে। আৰু মহিলাগৰাকীৰ ৭ বছৰীয়া ভনীয়েক ৰক্তাক্ত অৱস্থাত চিৎকাৰ কৰি আছে।

    ঘাতকমাতৃ শ্বাহেনা আফৰ’জে তিনিওটি সন্তানক হত্যা কৰি নিজে আন এটা কোঠালৈ গৈ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি আত্মহত্যাৰ অপচেষ্টা চলায়। অঞ্চলটোৰ ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আহত ৭বছৰীয়া কনিষ্ঠ ভগ্নী শৰ্মিন বেগমক উদ্ধাৰ কৰি ৰামকৃষ্ণনগৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰে। 

    লগতে বন্ধ দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰি হত্যাকাৰী শ্বহেনাক ৰক্তাক্ত আৰু অচেতন অৱস্থাত পৰি থকা দেখি তেওঁকো উদ্ধাৰ কৰি স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায়। দুয়োৰে অৱস্থা সংকটজনক দেখি উভয়কে প্ৰথমে হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ আৰু পাছত শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰা হয়।