National
ডিজিটেল ডেস্ক: কামৰূপ (মহানগৰ) জিলাৰ শেহতীয়া কৃত্ৰিম বান আৰু ভূমিস্খলনৰ পৰিস্থিতিত উদ্বিগ্ন হৈ পৰিছে অসম চৰকাৰ৷ কালি মহানগৰীত অভাৱনীয় পৰিস্থিত সৃষ্টি হোৱাৰ পাছত কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে মুকলি কৰা সকলো সাহায্য তথা আশ্ৰয় শিবিৰত তাৎক্ষণিকভাৱে জৰুৰী চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশনা অনুসৰি জিলাখনৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে কামৰূপ (মহানগৰ) জিলাৰ অন্তৰ্গত সকলো মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া আৰু মাণ্ডলিক তত্বাৱধায়ক তেওঁলোকৰ নিজ এলেকাত জিলা প্ৰশাসনে মুকলি কৰা এনে আশ্ৰয় তথা বানসাহায্য শিবিৰত আজিৰে পৰাই দিনে নিশাই ভূমিস্খলন আৰু বান-দুৰ্গতসকলক দিনে-নিশাই চিকিৎসা সেৱা আগঢ়োৱাৰ বাবে চিকিৎসক-স্বাস্থ্যকৰ্মীৰ দল নিয়োজিত কৰাৰ দায়িত্ব ন্যস্ত কৰিছে।
স্বাস্থ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ আধাৰত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে আজি জাৰি কৰা নিৰ্দেশনাটোত শিবিৰাৰ্থীসকলৰ বাবে প্ৰয়োজনীয় ঔষধ আদি বিনামূলীয়াকৈ উপলব্ধ কৰাবলৈও মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া আৰু মাণ্ডলিক তত্বাৱধায়কসকললৈ নিৰ্দেশনা আগবঢ়োৱা হৈছে।
প্ৰয়োজন সাপেক্ষে শিবিৰসমূহত অতিৰিক্ত চিকিৎসক-স্বাস্থ্যকৰ্মীও নিয়োজিত কৰিবলৈও জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকক স্বাস্থ্যমন্ত্ৰী মহন্তই নিৰ্দেশ দিছে।
Leave A Comment