ডিজিটেল ডেস্ক: বিলাসীপাৰাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷ সুৰক্ষিত নহয় এই ৰাজ্যত মহিলাকেধৰি শিশু, কিশোৰ-কিশোৰী৷ পুনৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ অপহৰণৰ ঘটনাই জুকাৰি গৈছে ৰাজ্য৷ সততে সংঘটিত হৈ থকা এনে ঘটনাই মহিলা, শিশুৰ সুৰক্ষাৰ বিষয়ত উদ্বেগৰ সৃষ্টি কৰিছে৷
ঘটনাক্ৰম অনুসৰি বিলাসীপাৰাৰ চিৰাকুটাতৰ পৰা পুনৰ বহি:ৰাজ্যৰ যুৱকে অপহৰণ কৰিলে অসমৰ ছাত্ৰীক। কিশোৰীগৰাকীৰ অপহৰণ হোৱাৰ পিছতে হুৱা-দুৱাৰ সৃষ্টি হয় পৰিয়ালৰ মাজত।অপহৃত কিশোৰীগৰাকীৰ নাম চিৰাকুটা ১ম খণ্ড গাঁৱৰ শাইনুৰ ইছলামৰ ১৩ বছৰীয়া কন্যা আলিফা বেগম বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে শালকোচা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। কিন্তু এজহাৰ দাখিলৰ পিছতো শালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃতিমান পাঠকে সম্পূৰ্ণ নিৰৱ দৰ্শকৰ ভূমিকা লোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোক আৰু দল সংগঠনসমূহে।
উল্লেখ্যযোগ্য যে পৰিয়ালৰ লোকে বিলাসীপাৰা বাঘমাৰীৰ মহল ইটা ভাটাত কৰ্মৰত বহি:ৰাজ্যৰ যুৱক প্ৰেম চান্দ ওৰফে লাখিয়ে ছাত্ৰীগৰাকীক অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। প্ৰেম চান্দ ওৰফে লাখিৰ ঘৰ উত্তৰ প্ৰদেশত বুলি সদৰি কৰিছে। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকো এই একেখন ইটা ভাটাতে কৰ্মৰত আছিল বুলি জনিব পৰা গৈছে।
ঘটনাসন্দৰ্ভত আলিফাৰ পৰিয়ালে শালকোচা আৰক্ষী চকীত এজাহাৰ দাখিল কৰা ৭ দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই কিশোৰীগৰাকীৰ।স্থানীয় ৰাইজ আৰু দ'ল সংগঠনে অতি শীঘ্ৰে বাঘমাৰীৰ মহল ইটা ভাটাত কৰ্মৰত বহি: ৰাজ্যৰ শ্ৰমিকজনৰ লগতে ইটা ভাটাটোৰ স্বাত্বাধিকাৰী ললিত আগৰৱালাৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰিছে।
Leave A Comment