ডিজিটেল ডেস্কঃ কলিয়াবৰত বুঢ়া ডাঙৰীয়া ওলাইছে৷ এটা নামঘৰৰ ডবাত চিন ৰাখি গ’ল বুঢ়া-ডাঙৰীয়াই।
কলিয়াবৰত এক আজৱ আৰু অলৌকিক ঘটনা সংঘটিত হৈছে। গাড়ীকুৰি নামঘৰৰ ডবাত দেখিবলৈ পোৱা গৈছে দুভৰিৰ খোজ।
ৰাইজে ধাৰণা কৰামতে বুঢ়া ডাঙৰীয়া নিশা নামঘৰত প্ৰৱেশ কৰে আৰু চিনস্বৰূপে ডবাত খোজ এৰি থৈ যায়।
হাতেৰে বাৰে বাৰে মচি আঁতৰাব খুজিলেও আঁতৰ নহয় এই খোজৰ চিহ্ন।
গাঁওখনত অপায়-অমংগলৰ বাৰ্তা হিচাপে গ্ৰহণ কৰি দোষ-মৰিষণৰ বাবে ধুপ-ধূনা-নৈবেদ্যৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় গাঁওবাসীয়ে।
Leave A Comment