• জোন-বেলি-তৰাৰ দেশলৈ কলিজা আইতা; আৰু দেখিবলৈ পোৱা নাযাব সেই প্ৰাণোচ্ছল হাঁহি

    আঞ্চলিক
    জোন-বেলি-তৰাৰ দেশলৈ কলিজা আইতা; আৰু দেখিবলৈ পোৱা নাযাব সেই প্ৰাণোচ্ছল হাঁহি
    ডিজিটেল ডেস্ক; ডিজিটেল জগতৰ চিৰপৰিচিত কলিজা আইতা আৰু নাই৷ ৰোগশয্যাৰ পৰাই অনন্তধামলৈ গতি কৰিলে সকলোৰে মৰমৰ কলিজা আইতাই৷ 


    কলিজা আইতাৰূপে পৰিচিত এইগৰাকী সুভদ্ৰা দেৱীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ১০৮ বছৰ৷ আজি পুৱা ১০ বজাত জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে কলিজা আইতাই৷



    শতায়ু গৰকা সুভদ্ৰা দেৱীয়ে নিজে আহি আশ্ৰয় লৈছিল প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাবাসত৷ বিগত আঠ দিন ধৰি জিএমচিএইচৰ আইচিইউত ভেণ্টিলেটৰত ৰখা হৈছিল কলিজা আইতাক৷ 

    চিকিৎসকৰ যৎপৰোনাস্তি চেষ্টাৰ পাছতো অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে সুভদ্ৰা দেৱীয়ে৷ সুভদ্ৰা দেৱীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে ৰাজ্যজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে৷