ডিজিটেল ডেস্কঃ ডিমৰীয়াত মুছলমান পৰিয়ালৰ ধৰ্মান্তৰকৰণ। কচুতলিৰ হাফিজ আলী পৰিবৰ্তিত হ'ল ৰাহুল বড়োলৈ আৰু পত্নী ৰিজুৱানা বেগমে নাম ল'লে ভূমিকা বড়ো।
কচুতলীৰ উচ্ছেদক লৈ ব্যাপক ৰাজ্যজুৰি ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে কচুতলীৰ ইছলাম ধৰ্মাৱলম্বী এই পৰিয়ালটিয়ে বৈদিক ৰীতি-নীতিৰে ধৰ্মান্তৰিত হয় হিন্দু ধৰ্মলৈ।
সোণাপুৰৰ এলেঙাস্থিত হৰেকৃষ্ণ মন্দিৰত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু মাংগলিক ৰীতি-নীতিৰ মাজেৰে হিন্দু ধৰ্ম গ্ৰহণ কৰে ইছলাম ধৰ্মাৱলম্বী পৰিয়ালটোৱে।
ডিগাৰু নৈৰ পাৰত আনুষ্ঠানিকভাৱে মুণ্ডন আৰু প্ৰায়চিত্ত কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছতেই এলেঙাৰ হৰেকৃষ্ণ মন্দিৰত হোম-যজ্ঞ আৰু আয়তীৰ নাম-প্ৰসঙ্গৰে হিন্দু ধৰ্ম গ্ৰহণ কৰে এই দম্পত্তীয়ে।
শেহতীয়াকৈ কচুতলীত উচ্ছেদৰ পাছত লক্ষী পূজা আয়োজনৰ পাছতেই হিন্দু ধৰ্মৰ ৰীতি-নীতিৰ প্ৰতি আকৰ্ষিত হোৱা বুলি জনালে ধৰ্মান্তৰিত হোৱা পৰিয়ালটোৱে।
এই কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদ, বজৰংগ দল আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ ডিমৰীয়া প্ৰসণ্ডৰ উদ্যোগত অনুষ্ঠিত হয়।
Leave A Comment