ডিজিটেল ডেস্কঃ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কলিয়াবৰ সমজিলাৰ অন্তৰ্গত কুঠৰী গাওঁ পঞ্চায়তৰ বাগৰিৰ ১ নং ৱাৰ্ডবাসী।
বছৰৰ পাছত বছৰ ধৰি পাহাৰৰ পৰা বৈ অহা জুৰিৰ পানী জমা হৈ থকা খালৰ পৰা শোধন নকৰাকৈয়ে খাই জীৱন নিৰ্বাহ কৰি আহিছে কলিয়াবৰৰ বাগৰিৰ আমদাংগা আৰু পাহাৰগুৰি গাঁৱৰ একাংশ দৰিদ্ৰ পৰিয়ালে।
কলিয়াবৰ সমজিলাৰ কুঠৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত বাগৰি সমীপৰ আমদাংগা আৰু পাহাৰগুৰি গাওঁ বাসীয়ে যুগ যুগ ধৰি পাহাৰৰ জুৰিৰ পানীকে শোধন নকৰাকৈয়ে সেৱন কৰি আহিছে ।
ভাৰত বৰ্ষই স্বাধীনতা লাভ কৰা ৭৭ বছৰ অতিক্ৰম কৰাৰ পাছতো কলিয়াবৰৰ এটা অঞ্চলৰ গঞা ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা কথাই বৰ্তমান সময়ত ৰাজ্য চৰকাৰ খনৰ ফোপোলা স্বৰূপটো পুনৰ উদঙাই দেখুৱাইছে।
প্ৰায় এক কিলোমিটাৰ দূৰ খোজকাঢ়ি পাহাৰৰ কৰ্দযময় পানীৰেই তৃষ্ণা নিবাৰণ কৰিবলৈ বাধ্য হৈছে গাঁৱবাসীয়ে ।চৰকাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন আঁচনিও বগাহাতীত পৰিণত হোৱা পৰিলক্ষিত হৈছে অঞ্চলটোত । নামত আছে বিশুদ্ধ খোৱাপানী যোগানৰ পানীৰ টেপ । কিন্তু বিশুদ্ধ খোৱাপানী নোলায় পানী টেপটোৰ পৰা ৷
শীঘ্ৰে এটুপি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে অঞ্চলবাসীয়ে। অন্যথা পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰো হুংকাৰ দিয়ে ভুক্তভোগী লোকসকলে।
Leave A Comment