ডিজিটেল ডেস্কঃ প্ৰয়াত যুৱ শিল্পী গগন যোশীৰ সোঁৱৰণত ১২ ডিচেম্বৰৰ সন্ধিয়া বিশিষ্ট ফেশ্বন ডিজাইনাৰ তথা ছবি পৰিচালক দীপাংকৰ কাশ্যপৰ উদ্যোগত অনুষ্ঠিত হয় গীত, গজল আৰু ফেশ্বনৰ এক মনোৰম অনুষ্ঠান-'বিয়'ণ্ড হ'ৰাইজন'।
একাধাৰে এগৰাকী গীতিকাৰ, গায়ক, অভিনেতা তথা দেশৰ এগৰাকী খ্যাতনামা মডেল আছিল গগন যোশী। গগনৰ ৩১ বছৰীয়া জন্মদিনটোত ব্ৰেইন টিউমাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যেই মহানগৰৰ ৰাধাগোবিন্দ বৰুৱা পথৰ নিৰ্ৱান টাৱাৰত থকা 'শ্বটছ'ত এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।
অনুষ্ঠানত দীপাংকৰ কাশ্যপৰ দ্বাৰা ৰচিত 'মডেলিং আৰু ষ্টাইল গুৰু' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। ফেশ্বন উদ্যোগত দীপাংকৰ কাশ্যপৰ সুদীৰ্ঘ ২১ বছৰৰ অভিজ্ঞতাৰে সমৃদ্ধ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক মাইনী মহন্ত আৰু অভিনেত্ৰী মলয়া গোস্বামীয়ে। কেইবাটাও মন পৰশা গীত আৰু গজল পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে শতাব্দীয়ে।
ফেশ্বন ষ্টাইলিষ্ট অজান আকাশ বৰুৱা আৰু নাহিমা ফাৰ্হাদ হুছেইনৰ ষ্টাইলিঙেৰে তথা ফেশ্বন কৰিঅ'গ্ৰাফাৰ সঞ্জু ৰয় আৰু কাকলি তামুলীৰ কৰিঅ'গ্ৰাফীৰে প্ৰদৰ্শন কৰা হয় এক বিশেষ ফেশ্বন শ্ব'ৰ। স্পৃহা প্ৰডাকচনৰ বেনাৰত আয়োজিত অনুষ্ঠানটোৰ এই বিশেষ ফেশ্বন শ্ব'টোত কেইবাগৰাকীও খ্যাতিসম্পন্ন মডেলে অংশগ্ৰহণ কৰে।
Leave A Comment