ডিজিটেল ডেস্কঃ বিপদত পৰা এটা বাঘক ৰক্ষা কৰাত চৰম ব্যৰ্থ বন বিভাগ ৷বিভাগটোৰ অস্তিত্ব অসমত এই মূহুৰ্তত দেখিবলৈ পোৱা নাযায় ৷একাংশ উন্মত্তই শিল দলিয়াই যাৰ ফলত চকু আৰু ভৰিত গুৰুতৰভাৱে আঘাত পাইছিল বাঘটোৱে ।
এদৰা হাবিত আশ্ৰয় গ্ৰহণ কৰি থকা বাঘটো বনবিভাগৰ খেদাত সোমাইগৈ কলং নৈৰ বুকুত। তাৰ পাছতে ৰাইজৰ ৰোষৰ বলি হয় বাঘটো। শিল-মাটিৰ চপৰা, হাতত যোনে যি পাইছে বাঘলৈ লদিয়াবলৈ আৰম্ভ কৰে। ৰাইজৰ এনে কাৰ্য্যত মুখত আঘাটপ্ৰাপ্ত হৈছে বাঘটো।
একাংশ উন্মত্ত লোকৰ বাবেই চিৰদিনলৈ বন্দীত্বৰ জীৱনৰ কটাবলগীয়া হ'ল আঘাতপ্ৰাপ্ত বাঘটো। দুৰ্ভাগ্য এই যে কলিয়াবৰৰ জখলাবন্ধাৰ সমীপৰ কেৰিবাকৰিত ট্ৰেংকুলাইজ কৰি পিঞ্জৰাৱদ্ধ কৰা ঢেঁকীয়াপতীয়া বাঘটোৰ এটা চকু নষ্ট হয়। তথ্য অনুসৰি এতিয়া চিৰদিন বন্দ্বীত্বৰ জীৱন কটাব লাগিব ঢেঁকীয়াপতীয়া বাঘটোৱে। এই তথ্য পোহৰলৈ অহাৰ পিছতে ঘটনাই লৈছে নতুন গতি। প্ৰকৃতিপ্ৰেমী আৰু বনবিভাগ আক্ৰমনকাৰীৰ বিৰুদ্ধে হৈ পৰিছে সষ্টম।
কাজিৰঙাৰ পানবাৰীৰ চি ডব্লিউ আৰ আৰ চিত চিকিৎস্যাধীন অৱস্থাত থকা বাঘটোৰ সন্দৰ্ভত আক্ৰমণকাৰীৰ বিৰুদ্ধে এজাহাৰ অৰণ্য সুৰক্ষা সমিতিৰ হৈ দিলীপ নাথৰ। এজাহাৰ দাখিল কৰিব নগাঁও বনসংমণ্ডলৰ অধীনৰ নৰ্ডান ৰেঞ্জৰ( শালনা) বনাঞ্চলিক বিষয়ায়ো।
Leave A Comment