• পিএম কিষাণ নিধিৰ ধন পাবলৈ ২৫ জুনৰ পূৰ্বে আধাৰ কাৰ্ডৰ সৈতে সংলগ্ন কৰক আপোনাৰ পাছবুক

    আঞ্চলিক
    পিএম কিষাণ নিধিৰ ধন পাবলৈ ২৫ জুনৰ পূৰ্বে আধাৰ কাৰ্ডৰ সৈতে সংলগ্ন কৰক আপোনাৰ পাছবুক
    ডিজিটেল ডেস্ক: দেশৰ কৃষকসকলৰ সুবিধাৰ্থে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা পিএম কিষাণ নিধিৰ কাম ৰাজ্যৰ অন্যান্য জিলাৰ লগতে চৰাইদেউ জিলাতো পূৰ্ণগতিত চলি আছে৷ এই আঁচনিৰ অধীনত ৰাজ্যৰ কৃষকসকলে বছৰি ৬০০০ টকাকৈ লাভ কৰি আহিছে৷

    ইতিমধ্যে চৰকাৰৰ নিৰ্দেশ অনুযায়ী গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ জৰিয়তে প্ৰকৃত কৃষকসকলক চিনাক্ত কৰি তেঁওলোকক এই আঁচনিৰ সুবিধা প্ৰদান কৰি থকা হৈছে৷ ইতিমধ্যে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি পঞ্জীয়নভুক্ত কৃষকসকলে তেঁওলোকৰ বেংক পাছবুকৰ সৈতে আধাৰ কাৰ্ড সংলগ্ন কৰোৱাটো বাধ্যতামূলক৷ 

    চৰাইদেউ জিলা কৃষি বিভাগৰ তৰফৰ পৰা তথা জিলা কৃষি বিষয়াই জনোৱা মতে জিলাখনৰ যিসকল যোগ্য পঞ্জীয়নভুক্ত কৃষকে এতিয়াও বেংক পাছবুকৰ সৈতে আধাৰ কাৰ্ড সংলগ্ন কৰোৱা নাই তেঁওলোকক ২৫ জুনৰ পূৰ্বে প্ৰয়োজনীয় নথি-পত্ৰৰ সৈতে জিলা কৃষি বিভাগত অতি সোনকালে প্ৰয়োজনীয় নথি জমা দিবলৈ আহ্বান জনোৱা হৈছে৷

    প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনাৰ অধীনত, যোগ্য কৃষক পৰিয়ালবোৰক প্ৰতি বছৰে ৬,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। প্ৰতি বছৰে তিনিটা সমান কিস্তিত কৃষকৰ একাউণ্টলৈ এই ধন প্ৰদান কৰা হয়। এই কিস্তিবোৰ চৰকাৰে প্ৰতি চাৰি মাহত প্ৰেৰণ কৰে। অৰ্থাৎ বছৰত তিনিবাৰ, কৃষকৰ একাউণ্টলৈ ২০০০ টকাকৈ প্ৰেৰণ কৰা হয়। কেন্দ্ৰীয় চৰকাৰে এই ধন পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰে।