ডিজিটেল ডেস্কঃ অসমত উৎসৱ আৰু সুৰা এটা মুদ্ৰাৰ যেন ইপিঠি-সিপিঠি৷ সুৰা অবিহনে অসমত উৎসৱৰ আনন্দ যেন অসম্ভৱ৷ নৱবৰ্ষ বুলি ক’লে সুৰাপান দুগুণলৈ বৃদ্ধি পায়৷ একাংশৰ বাবে পুৰণি বৰ্ষক বিদায় আৰু নৱবৰ্ষক আদৰণিৰ নামত টেটুলৈকে সুৰাপান কৰাতো পৰম্পৰাত পৰিণত হৈছে৷ নৱবৰ্ষত এনে সুৰাপানৰ বাবেই আৰক্ষী, পৰিবহণ বিভাগে দিন-ৰাতি একাকাৰ কৰি ৰাজপথত মদাহী চালকৰ অপেক্ষাত বোন্দাপৰ দিয়াও দেখা যায়৷
সুৰাপানৰ বাবে দুৰ্ঘটনা আৰু হাই-কাজিয়া বৃদ্ধি পোৱাৰ পাছতো একমাত্ৰ আবকাৰী ৰাজহৰ স্বাৰ্থত মদ বিক্ৰী বন্ধ কৰাৰ পৰিৱৰ্তে চৰকাৰে সুৰাপায়ীৰ বিৰুদ্ধেহে কঠোৰ হোৱা দেখা গৈছে৷ বিশেষকৈ ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰী দুয়োটা দিনত গুৱাহাটী মহানগৰীত অভিলেখ পৰিমাণৰ সুৰা বিক্ৰী হয়৷
পাছে এইবাৰ ৩১ ডিচেম্বৰত সুৰা বিক্ৰীৰ পৰিমাণ হ্ৰাস পালে গুৱাহাটী মহানগৰীত। গুৱাহাটীত বিক্ৰী হ’ল প্ৰায় ৬ কোটি টকাৰ সুৰা। ৩১ ডিচেম্বৰত ২.৫ কোটি টকাৰ ৰাজহ সংগ্ৰহ আবকাৰী বিভাগৰ। বিগত বৰ্ষত প্ৰায় ৮ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল গুৱাহাটীত। প্ৰায় ৩.৫ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছিল আবকাৰী বিভাগে।
আৰক্ষী আৰু পৰিবহণ বিভাগৰ তালাচীৰ বাবে এইবাৰ হ্ৰাস পালে সুৰা বিক্ৰী। পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ আৰক্ষীয়ে ৰাজপথত চলাইছিল নিচিদ্ৰ তালাচী।
লক্ষণীয়ভাৱে সুৰা বিক্ৰীৰ সমান্তৰালকৈ পথ দুৰ্ঘটনা আৰু মাৰপিটৰ ঘটনাও হ্ৰাস পালে গুৱাহাটীত।
Leave A Comment