• মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিত তেৰাৰ সাহিত্যিক অৱদানৰ এক সংক্ষিপ্ত আলোকপাত

    আঞ্চলিক
    মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিত তেৰাৰ সাহিত্যিক অৱদানৰ এক সংক্ষিপ্ত আলোকপাত
    ডিজিটেল ডেস্ক: অসমীয়া সাহিত্যৰ বৈষ্ণৱ ভক্ত কবি শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল বৰ্তমান অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ লেটেকু পুখুৰী নামৰ ঠাইত। চৈধ্যশ এঘাৰ শকৰ জেঠ মাহৰ কৃষ্ণা প্রতিপদ তিথি ৰবিবাৰে নিশা ভাগত মাধৱদেৱৰ জন্ম হয়।

    অসমীয়া বৈষ্ণৱ আন্দোলনৰ এক উল্লেখযোগ্য ব্যক্তি হৈছে মাধৱদেৱ, যি শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল।  তেওঁ মূলতঃ এজন শাক্ত ধৰ্মী লোক আছিল, যি পৰবৰ্তী সময়ত বৈষ্ণৱ হৈ পৰিছিল। তেওঁৰ ধৰ্মান্তৰকৰণৰ পৰাই বৈষ্ণৱ আন্দোলনে এক বৃহৎ প্ৰেৰণা লাভ কৰিছিল। তেওঁ আছিল এজন মহান কণ্ঠশিল্পীও। শংকৰদেৱৰ ইচ্ছাৰ বিৰুদ্ধে মাধৱদেৱে গোটেই জীৱন অবৈবাহিক হৈ থাকিল।

    মাধৱদেৱৰ প্ৰথম সাহিত্যিক গ্ৰন্থ হৈছে ‘জন্ম ৰহস্য’। ইয়াৰ বাহিৰেও তেওঁ বহুতো নাটক ৰচনা কৰিছিল। ‘নৃসিংহ-যাত্ৰা’, ‘গোবৰ্ধন-যাত্ৰা’ তেওঁৰ প্ৰধান গ্ৰন্থ। তেওঁৰ লেখাবোৰ আছিল সৰল আৰু সুৰীয়া।  কবিতা ৰচনাৰ পৰা আৰম্ভ কৰি সংক্ষিপ্তৰ পৰা কঠিন লেখালৈকে সকলো ক্ষেত্ৰতে এজন মহান শিল্পী আছিল মাধৱদেৱ । মাধৱদেৱৰ জীৱন দৰ্শনে আঠাইশ বছৰ শংকৰদেৱক পথ প্ৰদৰ্শন কৰিছিল। 

    সাহিত্যিক অৱদান: 

    মহাপুৰুষ মাধৱদেৱে শংকৰদেৱৰ নিচিনাকৈ বহুমুখী প্রতিভাসম্পন্ন এগৰাকী মহান শিল্পী। সেইকাৰণে বহু ক্ষেত্ৰত গুৰুজনাতকৈও একাঠি চৰা হোৱাত শংকৰদেৱে বঢ়াৰ পো বুলিহে মাতিছিল। তেওঁ আছিল একাধাৰে ধৰ্ম প্ৰচাৰক, শাস্ত্রজ্ঞ, ভক্ত, সেৱক, কবি, নাট্যকাৰ আৰু সু-গায়ক ।

     শংকৰদেৱৰ জীৱিত অবস্থাতে ৰামায়ণৰ আদিকাণ্ড ভাঙনি কৰে। আনহাতে শ্ৰীশংকৰদেৱৰ বৰগীতসমূহ কমলা গায়নৰ ঘৰত জুয়ে পোৰা কাৰণে শংকৰদেৱৰ আদেশত পুনৰ ১৯১ টা বৰগীত ৰচনা কৰে। নৰনাৰায়ণৰ আশ্ৰয়ত থাকি ‘ৰাজসূয় কাব্য' আৰু 'জন্ম ৰহস্য' ৰচনা কৰি উলিয়াই কোঁচ বেহাৰৰ ভেনা ডাঙাত থাকোতেই নামঘোষাখন সম্পূৰ্ণ কৰে। 'নামঘোষা’ মহাপুৰুষ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ কীৰ্তিস্তম্ভ। বৈষ্ণৱসকলৰ কাৰণে ই অমৃতৰ তুল্য। ই এখন ভাৰতীয় সাহিত্যৰো শ্ৰেষ্ঠ গ্রন্থ।
     
    সুন্দৰীদিয়াত থাকোতে বিষ্ণুপুৰী সন্ন্যাসীৰ 'ভক্তি ৰত্নাৱলী' অসমীয়া পদলৈ ৰূপান্তৰিত কৰে। সুন্দৰীদিয়াতেই ক্ৰমে ‘চোৰধৰা পিম্পৰা গুচোৱা', 'ভোজন বেহাৰ', ‘ভূমি-লোটোৱা' নাট ৰচনা কৰি ভাওনা চৰিত দেখায়। দধি মথন', ‘অর্জুন ভঞ্জন' গণককুচিত থাকোতে ৰচনা কৰা বুলি অনুমান হয়। তেওঁ 'গোবর্ধন যাত্ৰা' আৰু 'ৰামযাত্ৰা', 'নৃসিংহ যাত্ৰা' নামেৰে তিনিখন নাট ৰচনা কৰি অভিনয় কৰিছিল। কথিত আছে “নৃসিংহ যাত্ৰা'ৰ নৃসিংহৰ ভাও নিজেই লৈ দৰ্শকক তবধ মনাইছিল। এইখিনি নাটৰ বাহিৰেও ‘ৰাম ঝুমুৰা’, ‘কোটোৰা খেলাখেলা', 'ব্ৰহ্মমোহন’, “ভূষণহৰণ” এই চাৰিখন নাটতো মাধৱদেৱৰ ভণিতা পোৱা যায়, কিন্তু বিষয়বস্তু আৰু ৰচনাৰীতিলৈ চাই অনেকে সন্দেহ কৰে। যোগ আৰু তন্ত্ৰমত প্ৰাধান্য ‘গুপ্তমণি', 'গুপ্তসাৰ' 'অমূল্য ৰত্ন’ আৰু ‘আদি চৰিত্ৰ’ মাধৱদেৱৰ বুলি প্ৰচলিত। কিন্তু এই কেইখন মাধৱদেৱৰ ৰচিত নহয় বুলি ধাৰণা কৰা হয়।