• ডলু বাগিচাত লক আউট ঘোষণা: কাৰ স্বাৰ্থত বন্ধ কৰা হ'ল সহস্ৰাধিক চাহ শ্ৰমিকৰ জীৱিকাৰ পথ!

    আঞ্চলিক
    ডলু বাগিচাত লক আউট ঘোষণা:  কাৰ স্বাৰ্থত বন্ধ কৰা হ'ল সহস্ৰাধিক চাহ শ্ৰমিকৰ জীৱিকাৰ পথ!
    ডিজিটেল ডেস্ক: কাছাৰ জিলাৰ বৃহত্তম চাহ বাগিচা ডলু চাহ বাগিচাৰ প্ৰতি কাৰ লোভনীয় দৃষ্টি পৰিছে? গ্ৰীণফিল্ড এয়াৰপ'ৰ্টৰ নামত বাগিচাৰ ভূমি অধিগ্ৰহণৰ প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পাছত ডলু চাহ বাগিচাৰ পুনৰ এবাৰ চৰ্চালৈ আহিছে। প্ৰথমে গ্ৰীণফিল্ড এয়াৰপ’ৰ্টৰ নামত বাগিচাত উচ্ছেদ আৰু এইবাৰ লক আউট। এনেদৰেই ডলু বাগিচাৰ সৈতে জড়িত সহস্ৰাধিক চাহ শ্ৰমিকৰ জীৱিকাৰ পথ বন্ধ কৰি ঠেলি দিয়া হৈছে অন্ধকাৰলৈ। চাহ শ্ৰমিকক এইদৰে অৰ্থনৈতিক নিৰাপত্তাহীনতালৈ ঠেলি আজি কাছাৰস্থিত ডলু চাহ বাগিচাৰ পৰিচালনা কৰ্তৃপক্ষই বাগিচাখনত লকআউট ঘোষণা কৰিছে।

    বাগিচা কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ ফলত প্ৰায় ১৫০০ স্থায়ী শ্ৰমিক আৰু ১০০০ অস্থায়ী শ্ৰমিকে কৰ্ম তথা জীৱিকাৰ সংশয়ত জাহ জোৱাৰ পথ প্ৰশস্ত হৈছে। চাহ বাগিচাখনৰ উপ-প্ৰৱন্ধক সুপ্ৰিয়া সিকদাৰে আজি এক জাননী জাৰি কৰি চাহ বাগিচাৰ বৃহৎ সংখ্যক শ্ৰমিকে বাগিচা পৰিচালনাৰ দৈনিক নিযুক্তিৰ আদেশ অমান্য কৰিছে বুলি অভিযোগ তুলিছে আৰু এই কাৰণতে বাগিচাত লক আউট ঘোষণা কৰিছে।

    "সম্পূৰ্ণ অনিয়ম আৰু কৰ্মক্ষেত্ৰত শ্ৰমিকসকলৰ দ্বাৰা ৰাউণ্ড প্লাকিং কৰাত পলম হোৱাৰ বাবে ৰাউণ্ড প্লাকিং অব্যাহত ৰাখিব পৰা নহ'ব আৰু উৎপাদিত চাহৰ পৰিমাণ তথা মানদণ্ডৰ ক্ষেত্ৰত ডালু চাহ ইষ্টেটৰ পৰিচালনাৰ এক অপূৰণীয় ক্ষতি হৈছে।"— জাননীখনত এইদৰে উল্লেখ কৰা হৈছে।

    লক-আউটৰ সময়ছোৱাত কৰ্মচাৰীসকল কোনো মজুৰি, ৰেচন আৰু অন্যান্য সম্পৰ্কিত সুবিধাৰ অধিকাৰী নহ'ব বুলিও জাননীখনত উল্লেখ কৰা হৈছে। কৰ্তৃপক্ষই লগতে কয় যে চিকিৎসালয়, ৱাৰ্ড আৰু নিৰাপত্তা, পানী যোগান আৰু বিদ্যুতকে ধৰি জৰুৰীকালীন সেৱাৰ বাহিৰে চাহ বাগিচাখনৰ সকলো কাৰ্যকলাপ তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়া হৈছে। 

    উল্লেখ্য যে ইয়াৰ পূৰ্বে কাছাৰ জিলা প্ৰশাসনে গ্ৰীণফিল্ড বিমানবন্দৰৰ বাবে বাগিচাখনৰ প্ৰায় ৩০ লাখ  চাহ গছ উচ্ছেদ কৰিছিল। অসম চৰকাৰেও বিমানবন্দৰ নিৰ্মাণৰ নামত ডলু বাগিচাৰ মাটি মুকলি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। চৰকাৰৰ এই স্বৈৰাচ্ছাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

    উচ্ছেদৰ বিৰোধিতাৰে ডলু চাহ বাগিছাৰ লগতে সমগ্ৰ ৰাজ্যতে চাহ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু এনে প্ৰতিবাদৰ পিছতো গা লৰা নাছিল অসম চৰকাৰৰ।

    কিন্তু কিছুদিন পূৰ্বে এক আৰ টি আইৰ উত্তৰত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে শিলচৰ বিমানবন্দৰৰ বাবে কোনো প্ৰস্তাৱ লাভ কৰা নাই বুলি স্পষ্ট কৰি দিছিল। মন্ত্ৰালয়ৰ এই উত্তৰৰ পিছতে গ্ৰীণ ফিল্ড এয়াৰপ’ৰ্ট নিৰ্মাণৰ নামত ডলু চাহ বাগিছাত চলোৱা উচ্ছেদ অসম চৰকাৰৰ এক উদ্দেশ্যপ্ৰণোদিত পৰিকল্পনা আছিল বুলি প্ৰমাণিত হৈ পৰিছিল। 

    এয়াৰপ’ৰ্ট অৰ্থৰিটি অৱ ইণ্ডিয়াই প্ৰকাশ কৰা ৰিপ’ৰ্টে ডলু চাহ বাগিছাত কোনো এয়াৰপ’ৰ্ট নিৰ্মাণ নহয় বুলি নিশ্চিত কৰিছিল। কিন্তু এয়াৰপ’ৰ্ট নিৰ্মাণৰ কোনো পৰিকল্পনা নথকাৰ পাছতো অসম চৰকাৰে মিথ্যাচাৰিতাৰ আশ্ৰয় লৈ এইদৰে ভুৱা প্ৰচাৰ কিয় চলাইছিল সেই লৈ স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছিল।

    কোনো বৃহৎ পুঁজিপতিৰ স্বাৰ্থত অসম চৰকাৰে বাগিছাৰ মাটি মুকলি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপিত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ পুঁজিপতি গৌতম আদানিৰ নামতো এই সন্দৰ্ভত উচ্চাৰিত হৈছিল। কিন্তু এয়াৰপ’ৰ্ট অথৰিটিৰ ৰিপ’ৰ্টৰ পাছতো অসম চৰকাৰে এই বিষয়ত কোনো স্পষ্টীকৰণ প্ৰকাশ নকৰি বিষয়টো সম্পূৰ্ণৰূপে গাপ দিছিল।

    এতিয়া চাহ বাগিচাখনত হঠাতে লক আউটৰ ঘোষণাও চৰকাৰৰ এই পৰিকল্পনাৰে অংশ বুলি চৰ্চিত হৈছে। ইতিমধ্যে লক আউটৰ ঘোষণাই বাগিচাখনৰ বাগিচাত কৰ্মৰত সহস্ৰাধিক চাহ শ্ৰমিকক ক্ষোভিত কৰি তুলিছে। কাৰ ন্যস্ত স্বাৰ্থ পূৰণৰ বাবেই এইদৰে এই সাধাৰণ বনুৱা সকলক পেটে-ভাতে মৰাৰ ষড়যন্ত্ৰত নামি পৰিছে, সেয়া সম্প্ৰতি পোহৰলৈ অহা নাই যদিও ইয়াৰ আঁৰত যে এক শক্তিশালী গোষ্ঠীৰ চাপ আছে ই প্ৰায় নিশ্চিত হৈ পৰিছে।