ডিজিটেল ডেস্কঃ লোমহৰ্ষক হত্যাকাণ্ডই কঁপাইছে গুৱাহাটী মহানগৰী। প্ৰেমৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হয়। প্ৰেম মানেই পবিত্ৰ কিন্তু এচাম লোকে জিঘাংসু হৈ বাৰে বাৰে কৰি আহিছে প্ৰেমক কলংকিত।
দিছপুৰ লাষ্টগেটত প্ৰেমৰ বাবে হত্যাৰ বলি হল মৌচুমী গগৈ নামৰ এগৰাকী যুৱতী। ঘাতক যুৱকৰ নাম ভূপেন দাস।
আজি পুৱাৰ ভাগতে লাষ্টগে’টৰ নাহৰণি পথত ভূপেনে ছুৰিৰে আক্ৰমণ কৰিছিল যুৱতীগৰাকীক। ভূপেনৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল মৌচুমী গগৈ। গুৰুতৰভাৱে আহত মৌচুমী গগৈক ভৰ্তি কৰোৱা হৈছিল জিএমচিএইচত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে মৌচুমীয়ে।
যুৱতীগৰাকীয়ে ৰেপিড’ৰ বাবে ৰৈ আছিল পথৰ দাঁতিত। সেই সময়তে এখন ছুইফ্ট ডিজায়াৰ বাহনত আহি মৌচুমীৰ কাষত ৰয়। বাহনখনৰ পৰা ভূপেন ওলাই আহিয়ে মৌচুমীক উপৰ্যুপৰি আক্ৰমণ কৰে। আক্ৰমণ কৰাৰ পিছতে বাহনখনেৰে সেই স্থানৰ পৰা পলায়ন কৰে ভূপেনে।
জানিব পৰা মতে, ভূপেন দাস আৰু মৌচুমী গগৈৰ আছিল প্ৰেমৰ সম্পৰ্ক৷ ঘাতক ভূপেনৰ সৈতে দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল মৌচুমীৰ। ভূপেন আছিল বিবাহিত৷ দুটাকৈ সন্তানৰ পিতৃ ঘাতক ভূপেন দাস। লাহে-লাহে মৌচুমী আৰু ভূপেনৰ মাজত সংঘাত আৰম্ভ হয়৷ ইয়াৰ বাবে বিভিন্ন সময়ত ভূপেনে ভাবুকি দি আহিছিল মৌচুমীক। এমাহ পূৰ্বেও জালুকবাৰীত দা লৈ মৌচুমীক খেদি ফুৰিছিল ভূপেন বৰাই। ভূপেনৰ অতপালিত অতিষ্ঠ হৈ পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছিল মৌচুমী গগৈয়ে।
ভূপেন দাস পেছাত গাড়ী চালক। ঘৰ নলবাৰীত। হত্যাৰ বলি হোৱা দুৰ্ভগীয়া মৌচুমী গগৈৰ ঘৰ টিংখাঙৰ ৩নং কপহুৱা গাঁৱত
পিতৃৰ নাম প্ৰফুল্ল গগৈ। শৈশৱতে মাতৃহাৰা হৈছিল মৌচুমী গগৈ। অতি দৰিদ্ৰ পৰিয়ালৰ মৌচুমী ২০২১ চনত জীৱিকাৰ তাগিদাত ঘৰৰ পৰা আহি গুৱাহাটীৰ এটা NGOত কৰ্মৰত হৈ আছিল। বৰ্তমান ঘৰত ককায়েক, ভায়েক আৰু দেউতাক থাকে। দেউতাক দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত। মৌচুমী গগৈৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে অৱগত নহয় পৰিয়ালৰ লোক।
উল্লেখ্য যে টিংখাঙৰ ন-চাউদাং গাঁৱৰ এজন ব্যক্তিৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল মৌচুমী। তিনি বছৰ পূৰ্বে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল স্বামীৰ। দুগৰাকী কন্যা সন্তান আছিল। এগৰাকী কন্যা সন্তান এবছৰ পূৰ্বে ব্ৰেইন টিউমাৰ হৈ ঢুকাল। ডাঙৰ ছোৱালীৰ প্ৰায় ৮ বছৰ।
Leave A Comment