ডিজিটেল ডেস্কঃ মাজুলীৰ অফলামুখ পাৰঘাটত জাহাজ বন্দৰ নিৰ্মাণে বিপদ মাতিছে জীৱকুললৈ। বিভাগীয় নীতি উলংঘা কৰি ব্লাষ্টিং কৰাৰ ফলত প্ৰদূষিত প্ৰাকৃতিক পৰিৱেশ। নিয়মমতে বন্ধ কোঠাৰ ভিতৰত ব্লাষ্টিং কৰিব লাগে যদিও আজি প্ৰায় তিনিমাহে নিশা অন্ধকাৰত মুকলিকৈ চলাই গৈছে এই ব্লাষ্টিং কাৰ্য।
ক'লা ধোঁৱাই চানি ধৰিছে ব্ৰহ্মপুত্ৰৰ পাৰৰ অফলামুখ অঞ্চল। কেইবাবিধো ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি লোহাৰ ৰদত লাগি থকা মামৰ গুচোৱা এই কাৰ্যই ব্ৰহ্মপুত্ৰৰ জীৱকুলৰ লগতে অঞ্চলটোৰ বাসিন্দাসকললৈ মাতিছে ভয়াবহ বিপদ।
বিগত তিনিমাহে এনেদৰে চলাই গৈছে এই কাৰ্য। জৈৱ বৈচিত্ৰ্যৰে চহকী মাজুলীত DVP PRIL JV নামৰ ঠিকাদাৰী সংস্থাই ব্যাপক অনিয়মেৰে চলাই গৈছে এই ৰদৰ মামৰ বিস্ফোৰণ কাৰ্য ।
ব্লাষ্টিঙৰ কামত নিয়োজিত শ্ৰমিকৰ নাই কোনো সুৰক্ষাৰ ব্যৱস্থা। শ্ৰমিকে নিজ মুখে স্বীকাৰ কৰিছে অনিয়মৰ মাজেৰে চলি থকা এই ব্লাষ্টিং কাৰ্যৰ কথা।
ব্ৰহ্মপুত্ৰৰ জীৱকুল, পৰিভ্ৰমী পক্ষী ভৰি থকা অফলামুখ অঞ্চলত DVP PRIL JVৰ কাৰ্যত স্তম্ভিত মাজুলীবাসী।
Leave A Comment