ডিজিটেল ডেস্কঃ ভাত ৰান্ধোতে, আগফালে ঘুৰি ফুৰোতে গুণগুণাই আছে ৰাসলীলাৰ গীত। এগৰাকী মেস্কিকোৰ যুৱতী পৰ্যটক প্ৰেমত পৰিছে মাজুলীৰ। তেওঁৰ নাম কাতিয়া।
ৰাসোৎসৱতে মাজুলীলৈ আহিছিল কাতিয়া। এতিয়া মাজুলীৰ প্ৰেমত পৰি কাতিয়া দিনৰ পিছত দিন বঢ়াই নি আছে। দুদিনৰ বাবে আহি এতিয়া টাকৈ দিনে মাজুলীতে আছে কাতিয়া। নিৰিবিলি পৰিবেশৰ মাজত থকা গড়মূৰৰ ৰিভাৰ ৱাইণ্ড কটে'জত বাহৰ পাতিছে তেওঁ। দৰ্শন কৰিছে ইখনৰ পাছত সিখন সত্ৰ, অভিভূত হৈছে মাজুলীৰ নিৰিবিলি আধ্যাত্মিক প্ৰাকৃতিক পৰিবেশত।
ৰাসৰ স্মৃতিয়ে তেওঁক মাজে মাজে দোলা দিয়ে। ভাত ৰান্ধোতে নিৰৱে বহি থাকোতে গুণগুণাই থাকে ৰাসোৎসৱৰ গীত আহা সখি হে। এটি মধুৰ স্মৃতি বুকুত বান্ধি ৰাখিছে তেওঁ।
কেৱল তেওঁৱেই নহয় মাজুলীলৈ অহা হাজাৰ-হাজাৰ দেশী-বিদেশী পৰ্যটকে মাজুলীৰ সাতামপুৰুষীয়া পৰম্পৰাৰ সমুজ্বল ৰাসোৎসৱ দৰ্শন কৰি আপ্লুত হৈছে। মাজুলীৰ প্ৰেমত পৰা ২৫ বছৰীয়া কাতিয়াক লৈ বিমোৰত পৰিছে ল'জৰ স্বত্বাধিকাৰী অৰূপ শইকীয়া। আগতীয়া বুকিং থকা পৰ্যটকক বেলেগত ৰাখিব লগা হৈছে। এয়াই মাজুলীৰ ৰূপ লাৱণ্য যি এবাৰ প্ৰেমত পৰিব সি সোনকালে এৰিব নোৱাৰে।
Leave A Comment