ডিজিটেল ডেস্ক: ডিচেম্বৰ মাহ সোমোৱাৰ লগে লগে বনভোজস্থলী ভীৰ কৰে বিভিন্ন ঠাইৰ বনভোজৰ দলসমূহে৷ সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আজিৰেপৰা বনভোজ দলসমূহৰ বাবে আনুষ্ঠানিকভাবে মুকলি কৰা হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলী৷
বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা নাৰায়ণগুৰিৰ বেঁকী নৈৰ বনভোজস্থলী আজি বনভোজকাৰী দলৰ বাবে আনুষ্ঠানিকভাবে মুকলি কৰা হয় বুলি কৰ্তৃপক্ষই সদৰি কৰিছে৷
বনভোজস্থলীৰ মুখ্যদ্বাৰৰ কাষত বিভিন্ন দল সংগঠনৰ কৰ্মকৰ্তাৰ উপস্থিতিত ৰঙাফিটা কাটি মুকলি কৰে মানাহৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাৰিন বড়োৱে৷ইফালে বনভোজস্থলী পৰিচালনা সমিতিৰ নেতৃত্বই মানাহৰ নাৰায়ণগুৰিস্থিত বনভোজস্থলীত প্ৰৱেশৰ বাবে প্ৰতিখন সৰু-বৰ বাহনৰ ক্ষেত্ৰত প্ৰবেশ মাছুলৰ নিৰিখো নিৰ্ধাৰণ কৰি দিছে৷
সেইমতে বাছৰ ক্ষেত্ৰত ৫০০,ট্ৰেভেলাৰৰ ৪০০,উইংগাৰ-মেজিকৰ ৩০০,ব্যক্তিগত চাৰিচকীয়া বাহনৰ ২০০,ই ৰিক্সাৰ ১০০ আৰু দুচকীয়া বাহনৰ ক্ষেত্ৰত ৫০ টকাকৈ মাছুল নিৰ্ধাৰণ কৰিছে বুলি সদৰি কৰে৷
বনভোজকাৰী ক্ষেত্ৰতে প্ৰশাসনে প্ৰদান কৰা নিৰ্দেশনা মানি চলিবলৈও আহ্বান জনোৱা হৈছে বনভোজৰ দল সমূহক৷
Leave A Comment