ডিজিটেল ডেস্কঃ মঙলদৈ প্ৰেছ ক্লাব আৰু পুথি প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক মঙলদৈ গ্ৰন্থমেলাৰ ১০ ডিচেম্বৰৰ গ্ৰন্থ উন্মোচনী সভাত উন্মোচিত হয় সুলেখক, কবি, নিবন্ধকাৰ মলয় বৰুৱাৰ দুখনকৈ মনোগ্ৰাহী গ্ৰন্থ৷

মঙলদৈৰ বিশিষ্ট লেখক, কৃতী শিক্ষক ৰাজেন্দ্ৰ নাথ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত উক্ত সভাত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মলয় বৰুৱাৰ ‘নকল ভদ্ৰামিৰ মুখা’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক দ্যৌৰঙ্গ কাকতৰ সম্পাদক শংকৰ কাকতিয়ে আৰু অন্যখন গ্ৰন্থ ‘সোণপৰুৱাৰ হাঁহি’ উন্মোচন কৰে সাংবাদিক, অধিবক্তা মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি হোমেন কাকতিয়ে৷
উন্মোচনৰ পাছতেই বৰুৱাৰ দুয়োখন গ্ৰন্থই বিশেষ সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে৷ গ্ৰন্থ দুখনত পঢ়ুৱৈয়ে নতুন আংগিকৰ স্বাদ লাভ কৰিব বুলি আশাবাদী লেখক মলয় বৰুৱা...
Leave A Comment