ডিজিটেল ডেস্কঃ দৰং জিলাৰ মঙলদৈ চহৰৰ মাজমজিয়াত অৱস্থিত থকা এক শতবৰ্ষীয় ঐতিহাসিক জলাশয় নিশাৰ অন্ধকাৰত কিছু দুৰ্নীতিগ্ৰস্ত লোকে সম্পূৰ্ণৰূপে পুতি পেলোৱাৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। স্থানীয় লোকসকলৰ মতে, এই বৃহৎ জলাশয়টো বহু বছৰ ধৰি স্থানীয় ৰাইজৰ বাবে এক গুৰুত্বপূৰ্ণ সম্পদ আছিল। যিয়ে এই প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এই জলাশয়টোৱে বিশেষ ভূমিকা লৈ আহিছিল। লগতে, অগ্নিনিৰ্বাপক বাহিনীৰ বাবে পানীৰ এক প্ৰধান উৎস হিচাপে গণ্য হৈছিল। কিন্তু, সাম্প্ৰতিক সময়ত, কিছু দুষ্ট চক্ৰৰ দ্বাৰা এই ঐতিহাসিক সম্পত্তি বিনষ্ট কৰাৰ এক বৃহৎ ষড়যন্ত্ৰ ৰূপায়িত হোৱাৰ অভিযোগ উঠিছে।
স্থানীয় ৰাইজে অভিযোগ কৰিছে যে, এক বিশেষ ধৰ্মীয় অনুষ্ঠানৰ নাম লৈ কেইবা বিঘা মাটিৰ এই জলাশয়টো দখল কৰাৰ প্ৰচেষ্টা কিছুদিনৰ পৰাই চলি আছিল। নিশা হলেই কিছু অজ্ঞাত লোকে গাড়ীৰে মাটি আহৰণ কৰি জলাশয়টোত পেলাই দিয়ে। ফলত, পুখুৰীটোৰ অস্তিত্ব মাত্ৰ কেইটামান দিনৰ ভিতৰতে একেবাৰে অন্তর্ধান হৈ যায়৷ বৰ্তমান মঙলদৈ চহৰৰ মাজৰ এই বৃহৎ জলাশয়টোৰ পৰিৱৰ্তে এতিয়া মাথোঁ শুকান মাটিৰ স্তূপহে দেখা পোৱা গৈছে।
স্থানীয় সচেতন নাগৰিক, জাতীয় সংগঠন, আৰু বিভিন্ন সমাজসেৱী সংগঠনে দৰং জিলাৰ প্ৰশাসন, মঙলদৈ পৌৰসভা আৰু চক্ৰ বিষয়াক কেইবাবাৰো এই বিষয় সন্দৰ্ভত অভিযোগ দিছিল। কিন্তু, এতিয়ালৈকে কোনো ইয়াৰ কোনো সদোত্তৰ পোৱা নাই। স্থানীয় ৰাইজৰ সন্দেহ, কোনো ৰাজনৈতিক নেতাৰ গোপন আশীৰ্বাদত এই বৃহৎ জলাশয়টো দখল কৰা হৈছে। ৰাইজে প্ৰশ্ন কৰিছে— ‘‘কাৰ নিৰ্দেশত আৰু কিয় এই ঐতিহাসিক জলাশয়টো বিনষ্ট কৰিলে?’’
ইতিমধ্যে, মঙলদৈ চহৰৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, লাচিত সেনা অসম আৰু স্থানীয় ৰাইজে দৰং জিলাৰ আয়ুক্তক এই জলাশয়টো দখল কৰি মুক্ত কৰাৰ দাবী জনাইছে। তাৰ লগতে, স্থানীয় বিধায়ক বসন্ত দাসকো কঠোৰ সমালোচনা কৰি, বিধায়ক আঁচনিৰ ধনৰ দ্বাৰা জলাশয়টো পুনৰ পুনৰুদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে। সংগঠন আৰু সচেতন ৰাইজে সতৰ্কবাণী দিয়ে যে ‘‘যদিহে দৰং জিলাৰ প্ৰশাসনে এই জলাশয়টোক পুনৰ উদ্ধাৰ নকৰে, তেন্তে লাচিত সেনা আৰু অন্যান্য সংগঠনে আগবাঢ়ি গৈ বাকী থকা জলাশয়বোৰ নিজৰ দখলত লোৱাৰ সিদ্ধান্ত ল’ব’’।
এই সম্পূৰ্ণ ঘটনাটোয়ে এতিয়া মঙলদৈ চহৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। য’ত ৰাইজেও এতিয়া আশা কৰিছে, যে প্ৰশাসনে অতি সোনকালে এই বিষয়টোৰ ওপৰত সঠিক তদন্ত কৰি জলাশয়টো পুনৰুদ্ধাৰ কৰিব বুলি, অন্যথা অনাগত দিনত এক বৃহৎ গণপ্ৰতিবাদ হোৱাৰ সম্ভাৱনা আছে৷
Leave A Comment