ডিজিটেল ডেস্কঃ পুনৰ জ্বলিছে মণিপুৰ ৷মণিপুৰৰ ৰাজধানী ইম্ফলত সোমবাৰৰ পৰা জিৰিবামত সন্ধানহীন হৈ থকা ছয়জন লোকৰ মৃতদেহ উদ্ধাৰৰ বাতৰি বিয়পি পৰাৰ পিছত শনিবাৰে মণিপুৰৰ ৰাজধানী ইম্ফল পূব, ইম্ফল পশ্চিম আৰু বিষ্ণুপুৰ জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰা হৈছে ।
উল্লেখ্য যে, ইয়াৰ তিনিগৰাকীৰ মৃতদেহ মণিপুৰ-অসম সীমান্তৰ জিৰি নদী আৰু বৰাক নদীৰ সংগমস্থলীৰ সমীপত উদ্ধাৰ কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । পানীত ওপঙি থকাৰ অৱস্থাত উদ্ধাৰ কৰাৰ মৃতদেহ কেইটাৰ ভিতৰত এগৰাকী মহিলা আৰু দুটা শিশু ।এই মৃতদেহ চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে যদিও উদ্ধাৰ হোৱা মৃতদেহ কেইটা অপহৃত ৬ গৰাকীৰ মাজৰে তিনি গৰাকী বুলি সন্দেহ কৰা হৈছে ।
মেইটেই সম্প্ৰদায়ৰ বুলি সন্দেহ কৰা এই ছয়জন লোক জিৰিবামৰ বড়োবেক্ৰা অঞ্চলৰ পৰা সন্ধানহীন হৈ আছিল । য'ত চি আৰ পি এফৰ জোৱানসকলে কিছু সশস্ত্ৰ দুৰ্বৃত্তৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল আৰু তেওঁলোকৰ দহজনক ধৰাশায়ী কৰিছিল । কুকি আৰু মাৰ গোটে অৱশ্যে নিহত দহজনক 'গাঁৱৰ স্বেচ্ছাসেৱক' বুলি দাবী কৰে । শনিবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলত পৰিস্থিতি আটাইতকৈ বেয়া হৈ পৰিছিল আৰু শ শ লোকে নিৰুদ্দেশ হোৱা ছয়জন লোকৰ হত্যাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিছিল ।
এই উত্তেজনাৰ পৰিপ্ৰেক্ষিতত মণিপুৰ চৰকাৰে ৭খন জিলাত ইণ্টাৰনেট বন্ধ কৰি দিছে। এই জিলাসমূহৰ ভিতৰত আছে ইম্ফল পশ্চিম, ইম্ফল পূব, বিষ্ণুপুৰ, থৌবাল, কাকচিং, কংপোকপি, আৰু চুৰাচান্দপুৰ। জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে, ২০২৪ চনৰ ১৬ নৱেম্বৰৰ সন্ধিয়া ৫:১৫ বজাৰ পৰা অহা দুদিনলৈ এই জিলাসমূহত ইণ্টাৰনেট বন্ধ থাকিব। শান্তি বজাই ৰাখিবলৈ আৰু যিকোন ধৰণৰ অপ্ৰচাৰ ৰোধ কৰিবলৈ ৭ খন জিলাত ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে বুলি চৰকাৰে জানিবলৈ দিছে । ইফালে ইম্ফল পশ্চিম জিলাটো শনিবাৰে বিয়লি ৪.৩০ বজাৰ পৰা জাৰি কৰা হৈছে সম্পূৰ্ণ সান্ধ্য আইন।
Leave A Comment