ডিজিটেল ডেস্কঃ মণিপুৰৰ উত্তপ্ত পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে । উত্তৰ-পূব ভাৰতৰ ৰাজ্যখনত চলি থকা হিংসাত্মক ঘটনাক শনিবাৰে লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে তেওঁ এক্সৰ এটা পোষ্টযোগে “গভীৰভাৱে বিৰক্তিকৰ” বুলি অভিহিত কৰে । ইয়াৰ লগতে ৰাহুল গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰ ভ্ৰমণ কৰি অঞ্চলটোত শান্তি পুনৰুদ্ধাৰৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছে ।
উল্লেখ্য যে, ১১ তাৰিখ সোমবাৰৰ দিনটোত জিৰিবাম জিলাত সংঘটিত ঘটনাৰ পাছতে ৬ জনকৈ লোক নিৰুদ্দেশ হৈ আছিল । এই নিৰুদ্দেশ হৈ থকা লোকৰ মৃতদেহ নদীৰ পানীত ওপঙি থকাৰ অৱস্থাত উদ্ধাৰ হোৱাৰ পাছতে মণিপুৰৰ পৰিস্থিতি ভয়াবহ হৈ পৰিছে ।
শনিবাৰৰ দিনটোত পুৰুষ-মহিলা ৰাজপথলৈ ওলাই আহি হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে শনিবাৰে প্ৰতিবাদকাৰীয়ে তিনিগৰাকী ৰাজ্যিক মন্ত্ৰী আৰু ছয়জন বিধায়কৰ বাসগৃহত আক্ৰমণ সংঘটিত কৰে । মণিপুৰত শেহতীয়াকৈ সংঘটিত হোৱা হিংসাত্মক প্ৰতিবাদৰ বাবেই ৰাজ্যখনৰ চৰকাৰে পাঁচখন জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰাৰ লগতে ৭ জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে।
লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয়,‘‘মণিপুৰত শেহতীয়াকৈ ধাৰাবাহিকভাৱে সংঘটিত হৈ থকা হিংসাত্মক সংঘৰ্ষ আৰু অব্যাহত থকা ৰক্তপাত গভীৰভাৱে আমনিদায়ক । এবছৰতকৈও অধিক সময় বিভাজন আৰু দুখ-কষ্টৰ অন্তত প্ৰতিজন ভাৰতীয়ই আশা কৰিছিল যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমস্যা সমাধানৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিলেহেঁতেন, তেতিয়া ইয়াৰ সমাধান বিচাৰি পালেহেঁতেন ৷
সংবাদ মাধ্যমত উল্লেখ কৰা মতে, গান্ধীয়ে লগতে কয়, ‘‘মই পুনৰবাৰ প্ৰধানমন্ত্ৰীক মণিপুৰ ভ্ৰমণ কৰি অঞ্চলটোৰ শান্তি আৰু হিসাত্মক পৰিস্থিতি সাম কৰাৰ দিশত কাম কৰিবলৈ আহ্বান জনাইছো ।’’
Leave A Comment