• বিয়ালৈ মাঁথো ৬ দিন বাকী! অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এখন ঘৰ

    আঞ্চলিক
    বিয়ালৈ মাঁথো ৬ দিন বাকী!  অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এখন ঘৰ
    ডিজিটেল ডেস্কঃ  ডিগাৰুৰ ঘগুৱা গাঁৱৰ সন্ধ্যা ডেকাৰ ঘৰত বিধ্বংসী অগ্নিকাণ্ড।

    অহা দেওবাৰে অনুষ্ঠিত হ'বলগীয়া বৰপুত্ৰৰ বিয়াৰ বাবে মানুহ নিমন্ত্ৰণ কৰিবলৈ যোৱাৰ সময়তে শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো।

    ঘৰত কোনো নথকাৰ ফলতেই সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় ঘৰখনৰ লগতে সকলো সা-সামগ্ৰী

    গাঁৱৰ লোকে কিছু অংশ নুমুৱাবলৈ সক্ষম হয় যদিও অগ্নিনিৰ্বাপক বাহিনীৰ লোক পলমকৈ উপস্থিত হয়।

    আনহাতে জানিব পৰা অনুসৰি জুই নুমাববলৈ উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ ৰিতু নাইদু উপাধিৰ বিষয়া এগৰাকীয়ে সুৰাপান কৰি অহাৰ অভিযোগ উত্থাপিত কৰি ৰাইজে জবাবদিহি কৰে বিষয়াগৰাকীক।

    অগ্নিকাণ্ডৰ ঘটনাটোক লৈ সমগ্ৰ অঞ্চলজুৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

    ৰাইজে পৰৱৰ্তী সময়ত জুই নুমুৱাবলৈ সক্ষম হয় যদিও ঘৰখন সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়।

    বিয়াৰ আগে আগে ঘটি যোৱা এই অঘটনক লৈ সকলোৱে দুখ প্ৰকাশ কৰিছে।