• মায়ঙত নিকৃষ্ট ঘটনা! বিয়া পতাৰ প্ৰলোভন দি মালিকে বনকৰা যুৱতীক কৰিলে অন্তঃসত্বা; মৃত সন্তান জন্ম

    আঞ্চলিক
    মায়ঙত নিকৃষ্ট ঘটনা! বিয়া পতাৰ প্ৰলোভন দি মালিকে বনকৰা যুৱতীক কৰিলে অন্তঃসত্বা; মৃত সন্তান জন্ম
    ডিজিটেল ডেস্কঃ অন্ধ পিতৃক দুবেলা দুমুঠিৰ অন্ন যোগাৰ কৰি দিবলৈ যোৱা ২১ বছৰীয়া যুৱতী মালিকৰ যৌন কামনাৰ বলি হৈ অন্তঃসত্বা হল৷ এই লজ্জাজনক ঘটনা মায়ঙৰ বৰকুৰানীত গাঁৱৰ৷

    খাতুন উপাধিধাৰী বনকৰা যুৱতীক অন্তঃসত্ত্বা কৰা মালিকৰ নাম হ’ল চুলতান আলী।

    চকুৰে নেদেখা পিতৃৰ মুখত এমুঠি অন্ন তুলি দিয়াৰ বাবে যুৱতীগৰাকীয়ে চুলতান আলী নামৰ লম্পটটোৰ ঘৰত দীৰ্ঘদিন ধৰি কাম কৰি আহিছিল।

    তাৰেই সুযোগ লৈ মালিক চুলতান আলীযে যুৱতীগৰাকীৰ সৈতে কৰিছিল শাৰীৰিক সম্পৰ্ক৷ বিয়া পতাৰ প্ৰলোভনো দিছিল তেওঁ।

    কেৱল সেয়াই নহয় এই ঘটনাৰ সম্পৰ্কে কাৰোবাক কলে যুৱতীগৰাকীক দিছিল প্ৰাণে মাৰাৰ ভাবুকি৷ 

    ঠিক এনেকৈ এদিন দুদিন কৰি ৭ মাহ পাৰ হোৱাৰ পাছত যুৱতীগৰাকীৰ অৱস্থা ক্ৰমাৎ জটিল হবলৈ ধৰে।

    চিকিৎসালয়লৈ নিয়াৰ পাছত পোহৰলৈ আহে ঘটনাৰ আচল ৰহস্য৷ উক্ত ঘটনাৰ সন্দৰ্ভত লম্পটজনৰ বিৰুদ্ধে যোৱা দুমাহ পূৰ্বে মায়ং থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগীৰ পৰিয়ালে। কিন্তু আৰক্ষী নিমাত৷

    মায়ং আৰক্ষীৰ বিৰুদ্ধে ভুক্তভোগীৰ পৰিয়ালে উজাৰিছে ক্ষোভ। দুই মাহ উকলি যোৱাৰ পাছতো অপৰাধীক ধৰিবলৈ সক্ষম নোহোৱাত ন্যায় বিচাৰি স্থানীয় আমছু সংগঠনৰ সহযোগত মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাষ চাপে পৰিয়াল।

    ইফালে যোৱা শুকুৰাবৰে নিশা যুৱতীগৰাকীয়ে এটি ৯ মহীয়া মৃত পুত্ৰ সন্তান জন্ম দিয়ে। তেওঁ বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে ৷

    ঘটনা সংঘটিত কৰা লম্পট চুলতানক অতিশীঘ্ৰে কৰায়ত্ত কৰি শাস্তিৰ দাবী পৰিয়ালৰ লগতে আমছুৰ।