ডিজিটেল ডেস্কঃ এগৰাকী মহিলাৰ প্ৰৱঞ্চনাৰ বলি হৈ আৰক্ষীৰ কাষ চাপিবলগীয়া হৈছে মৰাণৰ আন একাংশ মহিলা৷ মৰাণৰ বেজৰচুক বঙালী গাঁৱৰ নিবাসী, আৰক্ষীৰ কনিষ্টবল অতনু গগৈৰ পত্নী বৰ্ণালী গগৈৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ৷ এই বৰ্ণালী গগৈয়ে একে গাঁৱৰে বহু মহিলাৰ পৰা ২০১৯ আৰু ২০২০ বৰ্ষৰ বিভিন্ন সময়ত নানান চল-চাতুৰি, প্ৰলোভন, চিকিৎসাৰ অজুহাত, ঘৰুৱা অসুবিধা আদি দেখুৱাই পাঁচ লক্ষাধিক টকা ধাৰত লয়৷
পাঁচ/ছয়মাহৰ ভিতৰত উক্ত টকাসমূহ ঘূৰাই দিব বুলি প্ৰত্যেকক মৌখিক প্ৰতিশ্ৰুতিও দিয়ে বৰ্ণালী গগৈ নামৰ চতুৰ মহিলাগৰাকীয়ে৷ কিন্তু সময় যোৱাৰ লগে লগে টকা ঘূৰাই দিয়াৰ পৰিৱৰ্তে মহিলাসকলক নানান মিছা কথা, ভয়-ভাবুকি প্ৰদৰ্শন কৰি সমূদায় টকা আত্মসাৎ কৰে৷ ভূক্তভোগী ৮ গৰাকী মহিলাই ২০২২ চনত বৰ্ণালী গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতে টকা ঘূৰাই দিম বুলি চুক্তিবদ্ধ হৈছিল যদিও আজি পৰ্যন্ত টকা ঘূৰাই নাপালে মহিলাসকলে৷
বৰ্তমান গাঁওখনৰ ৯ গৰাকী মহিলাৰ সৰ্ব্বমুঠ ৫ লাখ ৪০ হাজাৰ টকা আত্মসাৎ কৰি ৰাখিছে বৰ্ণালী গগৈয়ে৷ পাবলগীয়া টকা বিচাৰি যোৱা মহিলাসকলক নানান অশ্ৰাৱ্য গালি-গালাজ কৰাৰ উপৰিও শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ কৰিছে মহিলাসকলে৷ ভূক্তভোগী মহিলাসকলে পুনৰ মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে উক্ত মহিলাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷
Leave A Comment