• কাইলৈৰ পৰা পুনৰ হ’ব ধাৰাসাৰ বৰষুণ; বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্ক কৰিলে ৰাজ্যবাসীক

    আঞ্চলিক
    কাইলৈৰ পৰা পুনৰ হ’ব ধাৰাসাৰ বৰষুণ; বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্ক কৰিলে ৰাজ্যবাসীক
    ডিজিটেল ডেস্ক: ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি৷ ভূটানে কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ পাছৰে পৰা জলপ্ৰলয়ত পৰিণত হৈছে সমগ্ৰ নামনি অসম৷ প্ৰায় এসপ্তাহজোৰা নেৰানেপেৰা বৰষুণেও ঠায়ে-ঠায়ে সৃষ্টি কৰিছে ভয়াৱহ বান পৰিস্থিতি৷

    তাৰ মাজতে আজি পুনৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী৷ অসম আৰু মেঘালয়ত 
     কাইলৈ অধিক বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ অসম আৰু মেঘালয়ৰ সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে৷

    বানৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা উত্তৰ-পূবৰ অসম আৰু মেঘালয়ত কাইলৈ অধিক বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিলে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে৷

    শেহতীয়া বান আৰু ভূমিস্খলনত দুয়োখন ৰাজ্যত ৬২ জন লোকৰ মৃত্যু হৈছে আৰু ১০,০০০ৰো অধিক লোক স্থানচ্যুত হৈছে৷ অসমৰ বান পৰিস্থিতি এতিয়াও সংকটজনক হৈ আছে আৰু দৈনিক প্লাৱিত হৈছে ন ন অঞ্চল৷ চৌবিশ ঘণ্টাত ৩২খন জিলাৰ ৪,২৯১খন গাঁও বানৰ কবলত পৰা খবৰ পোৱা গৈছে। অসমত বিগত ছদিন ধৰি ভূমিস্খলন অব্যাহত আছে৷ ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ বহু স্থানত নিশাৰ ভিতৰতে নেৰানেপেৰা বৰষুণে কৃত্ৰিম বানৰ সৃষ্টি কৰিছে৷ গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ নদীৰ সোঁত বন্ধ কৰিবলৈ প্ৰশাসনে গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৰলু নদীৰ সকলো শ্লুইচ গেট বন্ধ কৰি দিছে।

    অসমৰ কাছাৰ জিলাত বৰাক নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া বালিজানৰ ব্ৰহ্মপুত্ৰ নদীত এখন নাও ডুবি যোৱাৰ ফলত চাৰিজন লোক সন্ধানহীন হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকী বাঘসহ কমেও পাঁচটা জন্তু নিহত হৈছে৷ উদ্যানখনৰ ১৫শতাংশতকৈও অধিক অঞ্চল ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা বানত আক্ৰান্ত হৈছে।

    আনহাতে, চুবুৰীয়া মেঘালয়ত প্ৰায় পাঁচ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে, ভূমিস্খলনৰ ফলত দুটা ৰাষ্ট্ৰীয় ঘাইপথ বিচ্ছিন্ন হৈ আছে। পূব জয়ন্তীয়া পাহাৰৰ ঘাইপথ পৰিদৰ্শন কৰা মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে ৪৮ৰ পৰা ৭২ ঘণ্টাৰ ভিতৰত যিকোনো সময়তে গধুৰ বাহনসমূহ ৰাস্তাত চলাচল কৰা আৰম্ভ কৰিব। সৰু বাহনৰ বাবে এটা বিকল্প পথ নিৰ্মাণ কৰি থকা হৈছে৷ চাংমায়ে লগতে কয়, কেৱল পথবোৰ ৰাস্তাবোৰ মুকলি কৰাৰ বাবেই নহয়, আৱদ্ধ হৈ থকা লোকসকলক সহায় কৰাৰ বাবেও সকলো সংস্থাৰ পৰা সকলো প্ৰচেষ্টা চলি আছে৷ এই সপ্তাহত ৰাজ্যখনত কমেও ১৮জন লোকৰ মৃত্যু হৈছে।