ডিজিটেল ডেস্কঃ মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ মাতৃ লীলা শৰ্মা কিছু সময়ৰ পূৰ্বে পৰলোকপ্ৰাপ্তি ঘটে। যোৰহাটত জন্মগ্ৰহণ কৰা লীলা শৰ্মাই শিক্ষয়িত্ৰী হিচাপে সুদীৰ্ঘ ৩৫ বছৰ অৰুণাচলত কৰ্মজীৱন অতিবাহিত কৰিছিল যদিও অৱসৰৰ পাছত গুৱাহাটীৰ অম্বিকাগিৰি নগৰত নিগাজিকৈ থাকিবলৈ লয়। পৰৱৰ্তী সময়ত জিলা আয়ুক্ত ৰূপে তেখেতৰ পুত্ৰই মৰিগাঁৱলৈ বদলি হৈ অহাত পুত্ৰৰ সৈতে বাস কৰিছিল তেওঁ।
প্ৰায় ৮৫ বছৰীয়া মাতৃ গৰাকীৰ অকস্মাৎ শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত চুলতান নাৰ্চিং হস্পিটেল ও ৰিচাৰ্ছ চেন্টাৰত চিকিৎসাধীন অৱস্থাতে পৰলোকপ্ৰাপ্তি ঘটে। ইতিমধ্যে তেখেতৰ মৃত্যু পুত্ৰ কন্যা সমন্বিতে পৰিয়ালৰ সকলো শোঁকত ম্ৰিয়মান পৰিছে।
অসমৰ প্ৰসিদ্ধ গীতিকাৰ স্বৰ্গীয় প্ৰদীপ শৰ্মাৰ সহধৰ্মিনী লীলা শৰ্মা এগৰাকী চেতাৰ বাদক হোৱাৰ লগতে ৪ খন গ্ৰন্থৰ ৰচয়িতা হিচাপে পৰিচিত আছিল। তেখেতৰ মৃত্যুত জিলা খনৰ চৰকাৰী বিষয়া কৰ্মচাৰীৰ লগতে বিভিন্ন দল-সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, শুভাকাংশীৰ উপৰিও মৰিগাঁও জিলাৰ সাংবাদিক সকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰা পৰিলক্ষিত হয়। আই গৰাকীৰ নশ্বৰ দেহ শুক্ৰবাৰে পুৱা মৰিগাঁও ভূতনাথ শ্মশানত শেষকৃত্য সম্পন্ন কৰাৰ কথা আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।
Leave A Comment