ডিজিটেল ডেস্কঃ নুমলীগড়ৰ মৰঙিৰ ৫ নং পোৰাজংঘলত দেওবাৰে নিশা জঘন্য হত্যাকাণ্ড। নিজ ককায়েকে সুৰামত্ত অৱস্থাত মৰিয়াই মৰিয়াই হত্যা কৰিলে যদু বৰা নামৰ এজনক।
হত্যাকাৰী ককায়েকৰ নাম লাতুমণি বৰা। দেওবাৰে নিশা ককায়েক লাতুমণি বৰাই এটা পাৰ চৰাই মাৰি খোৱাক লৈয়ে প্ৰথমে তৰ্কাতৰ্কি/ বাক-বিতণ্ডাৰ সৃষ্টি হয় ভায়েক যদু বৰাৰ লগত।
সুৰামত্ত অৱস্থাত থকা লাতুমণি বৰাই ভায়েক যদুমণিক বৰাক প্ৰথমে মুখত ঘুচিয়াই আক্ৰমণ কৰে। তাৰপাছতে এডাল ৰদেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে ভায়েক যদু বৰাক।
ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজৰ সহযোগত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও পথতে কৰুণ মৃত্যুক আঁকোৱালি লয় ভায়েক যদু বৰাই। ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। ইতিমধ্যে বগীজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী লাতুমণি বৰাক। বৰ্তমান আৰক্ষীৰ এটা উচ্চপদস্থ বিষয়াৰ দল ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত।
Leave A Comment