• চামগুৰিত সুৰেশ বৰাৰ প্ৰচাৰ সভাই ব্যাঘাত জন্মালে পাঠদানত; অভিভাৱকৰ মাজত প্ৰতিক্ৰিয়া

    আঞ্চলিক
    চামগুৰিত সুৰেশ বৰাৰ প্ৰচাৰ সভাই ব্যাঘাত জন্মালে পাঠদানত; অভিভাৱকৰ মাজত প্ৰতিক্ৰিয়া
    ডিজিটেল ডেস্ক: নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ সভাই ৰাজ্যত উখল-মাখল পৰিবেশৰ সৃষ্টি কৰিছে৷ প্ৰচাৰ সভাৰ জৰিয়তে ভোটাৰৰ কাষ চপাৰ প্ৰয়াস কৰিছে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে৷ 

    কিন্তু, একাংশ প্ৰচাৰ সভাত চৰকাৰী শিক্ষানুষ্ঠানৰ খেলপথাৰ ব্যৱহাৰ কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ পাঠদান চলি থকাৰ সময়তেই বিদ্যালয়ৰ খেলপথাৰত চলা প্ৰচাৰ সভাই ব্যাঘাত জন্মাইছে শিক্ষাৰ্থীৰ অধ্যয়নত৷ আৰু এইসকল শিক্ষাৰ্থী সেইসকল শিক্ষাৰ্থী, যিয়ে শিক্ষাগ্ৰহণ কৰিবলৈ বাচি লয় মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়ক৷ 

    সাধাৰণ অসমীয়া পৰিয়ালৰ এইসকল শিক্ষাৰ্থীৰ বাবে চৰকাৰী শিক্ষানুষ্ঠানেই শিক্ষাগ্ৰহণৰ মূল আধাৰ৷ তেনেস্থলত নিৰ্বাচনী প্ৰচাৰৰ নামত এইসকল শিক্ষাৰ্থীৰ অধ্যয়নত ব্যাঘাত জন্মোৱা কাৰ্যক সহজভাবে লোৱা নাই ৰাজ্যৰ সচেতন মহলে৷ 

    ঘটনা চামগুৰিৰ৷ নগাঁৱৰ কোটিপতি বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ কাণ্ডই নগাঁৱত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ স্কুলৰ পাঠদানৰ সময়তেই নিৰ্বাচনী প্ৰচাৰ চলালে সুৰেশ বৰাই৷ চামগুৰিৰ সোণাৰিবালিত সুৰেশ বৰাৰ কাণ্ডক গৰিহণা দিছে বহুজনে৷ সুৰেশ বৰাৰ প্ৰচাৰ সভাৰ উচ্চস্বৰৰ শব্দই ব্যাঘাত জন্মালে স্কুলৰ পাঠদানত৷ 

    আনকি, নিৰ্বাচনী আয়োগৰ লোক থাকিও বন্ধ নকৰিলে প্ৰচাৰ৷ বিজেপি প্ৰাৰ্থীজনৰ কাণ্ডক লৈ অভিভাৱকৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ যেন কোনো নিয়ম–নীতি নমনাকৈ সাংসদ হোৱাৰ সপোন দেখিছে সুৰেশ বৰাই৷