• বন্যাৰ্তক সহায় কৰিবলৈ আগবাঢ়ি আহিল নলবাৰী কলেজ ছাত্ৰ একতা সভা

    আঞ্চলিক
    বন্যাৰ্তক সহায় কৰিবলৈ আগবাঢ়ি আহিল নলবাৰী কলেজ ছাত্ৰ একতা সভা
    ডিজিটেল ডেস্ক: ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে৷ বিশেষকৈ নলবাৰী জিলাত বান সমস্যাই অধিক জটিল ৰূপ ধাৰণ কৰিছে । ঠাইবিশেষে বাঢ়নী পানী কিছু কমিছে যদিও পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই।

    তাৰ মাজতে বানাক্ৰান্তক সহায় কৰিবলৈ আগবাঢ়ি আহিল নলবাৰী কলেজ ছাত্ৰ একতা সভা৷ নলবাৰী কলেজ ছাত্ৰ একতা সভাৰ উদ্যোগত কলেজখনত  অধ্যয়নৰত বানাক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকলক কিছু সাহায্য দিয়াৰ নিমিত্তে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ সেইমৰ্মে ছাত্ৰ একতা সভাৰ প্ৰতিগৰাকী বিষয়ববীয়াৰ পুঁজিৰ কিছু অংশ, মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা ছাত্ৰ একতা সভাৰ তত্বাৱধায়কৰ সাহায্যৰ ধনেৰে কালি দুটা অঞ্চলত সাহায্য সামগ্ৰী বিতৰণ কৰা হয়৷


    পুৱা ১১ বজাত পশ্চিমসন্ধা কীৰ্তন নামঘৰ আৰু দুপৰীয়া ১ বজাত কৃষ্টি বিকাশ শংকৰ মন্দিৰ, পাইকাৰকুছিত সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচী সম্পন্ন কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই। এই কাৰ্যসূচীত  বানাক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰয়োজনীয় কিছু সামগ্ৰী বিতৰণ কৰা হয়। সন্ধা আৰু পাইকাৰকুছিত বানাক্ৰান্তৰ মাজত বিশুদ্ধ খোৱা পানী, ব্লিচিং পাউদাৰ ইত্যাদি বিতৰণ কৰা হয়।

    বান সাহায্য বিতৰণ কাৰ্যসূচীত কলেজখনৰ অধ্যক্ষ ড° কমল নয়ন পাটোৱাৰী, ছাত্ৰ একতা সভাৰ তত্বাৱধায়ক, অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক সুব্ৰত বৰ্মনকে আদি কৰি কেইবাগৰাকীও অধ্যাপক-অধ্যাপিকাই সহযোগিতা আগবঢ়ায়৷