comScore
  • পথ দুৰ্ঘটনাত দৃষ্টিশক্তি হেৰুৱালে নলবাৰীৰ দ্বীপৰঞ্জন তালুকদাৰে

    আঞ্চলিক
    পথ দুৰ্ঘটনাত দৃষ্টিশক্তি হেৰুৱালে নলবাৰীৰ দ্বীপৰঞ্জন তালুকদাৰে
    ডিজিটেল ডেস্কঃ এটি পথ দুৰ্ঘটনা৷ এই পথ দুৰ্ঘটনাই কাল অমানিশা নমাই আনিলে নলবাৰীৰ এটা পৰিয়াললৈ। পথ দুৰ্ঘটনাত দ্বীপৰঞ্জন তালুকদাৰে চকুৰ দৃষ্টিশক্তি হেৰুৱাব লগা হৈছে। পখিলা খেদা সময়তে দৃষ্টিশক্তি হেৰুৱাইছিল নলবাৰী জিলাৰ মুকালমুৱাৰ চতেমাৰী গাঁৱৰ দ্বীপৰঞ্জন তালুকদাৰে। সেই সময়ত দ্বীপৰঞ্জনৰ বয়স হৈছিল মাত্ৰ ১১ বছৰ। 

    সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতেই ভাঙি চিঙি চুৰমাৰ হৈছিল পঢ়ি শুনি ডাঙৰ মানুহ হোৱাৰ এটি আলফুলীয়া সপোন।

    ২০১২ চনৰ এটি অভিশপ্ত দিনত সংঘটিত হৈছিল বুকু কঁপি উঠা এক হৃদয় বিদাৰক পথ দুৰ্ঘটনা। ঘৰৰপৰা এখন টেম্পো গাড়ীৰে মুকালমুৱালৈ গৈ থাকোঁতেই দুৰ্ঘটনাত পতিত হৈ দ্বীপৰঞ্জনে গুৰুতৰভাৱে আহত হোৱাত সংকটজনত অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। 

    ১৮ টা দিন ICUত থাকি ভগৱানৰ কৃপাত আৰু চিকিৎসকৰ আপ্ৰাণ চেষ্টাত দ্বীপৰঞ্জনৰ জীৱন ৰক্ষা পৰিছিল যদিও চিৰদিনৰ বাবে হেৰুৱলগীয়া হৈছিল তেওঁৰ দৃষ্টিশক্তি।

    কৃষক পিতৃ মহেন্দ্ৰ তালুকদাৰে কনিষ্ঠ পুত্ৰ দ্বীপৰঞ্জনৰ দৃষ্টিশক্তি ঘুৰাই আনিবলৈ ঘৰৰ পোহনীয়া গৰু, ছাগলী, মাটি, সম্পত্তি বিক্ৰী কৰি গুৱাহাটীকে ধৰি দেশৰ বিভিন্নজন চিকিৎসকৰ ওচৰলৈ চিকিৎসাৰ বাবে লৈ যায়।

    কিন্তু টকাৰ অভাৱত চিকিৎসা আধাতে সামৰি দ্বীপৰঞ্জক ঘৰলৈ উভতাই আনে দৰিদ্ৰ পিতৃয়ে৷ আনহাতে দুবছৰ পূৰ্বে পিতৃও দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ আছে।

    সেইদিন ধৰি আজি ১২ বছৰে কেৱল মাত্ৰ ধনৰ অভাৱতে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে দ্বীপৰঞ্জন তালুকদাৰ। পৃথিৱীৰ পোহৰ দেখিবলৈ নোপোৱাৰ দুখত দিকবিদিক হেৰুৱাইছে দ্বীপৰঞ্জনে।

    দ্বীপৰ মনত এটাইয়ে আশা উপযুক্ত চিকিৎসা পালে হয়টো চকু দুটা পুনৰ ঘুৰাই পাব।

    পৃথিৱীৰ পোহৰ চাবলৈ মনত হেঁপাহ পুহি ৰখা দ্বীপৰঞ্জনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিচাৰিছে সহায়৷

    আনহাতে কোনো সদাশয় লোকে পৰিয়ালৰটোক চিকিৎসাৰ বাবে আৰ্থিক সকাহ দিব বিচাৰিলে দ্বীপৰঞ্জন তালুকদাৰ লোহাৰকাঠাস্থিত  , থকা Bank of India, BKID0005003 আৰু বেংক একাউণ্ট নম্বৰত 500310510001261ত সহায় কৰিব পাৰিব বা পৰিয়ালৰ লগত যোগাযোগ কৰিব পাৰিব 
    93948 57077 নম্বৰত।
    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesv388slot thailandsitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayamagen sabung ayam