• ৰাষ্ট্ৰীয় চিত্ৰাঙ্কণ প্ৰতিযোগিতাত সাফল্য বুটলিলে কাকপথাৰৰ সুৰঞ্জনাই, নিৰ্বাচিত ১২ গৰাকী প্ৰতিযোগীৰ ভিতৰত সুৰঞ্জনা অসমৰ একমাত্ৰ প্ৰতিযোগী

    আঞ্চলিক
    ৰাষ্ট্ৰীয় চিত্ৰাঙ্কণ প্ৰতিযোগিতাত  সাফল্য বুটলিলে কাকপথাৰৰ সুৰঞ্জনাই, নিৰ্বাচিত ১২ গৰাকী প্ৰতিযোগীৰ ভিতৰত সুৰঞ্জনা অসমৰ একমাত্ৰ প্ৰতিযোগী
    ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় চিত্ৰাঙ্কণ প্ৰতিযোগিতাত সাফল্য বুটলিবলৈ সক্ষম হৈছে  কাকপথাৰৰ সুৰঞ্জনা  ভৰদ্বাজে। কণমানি  সুৰঞ্জনাই  বিশ্ব ধৰিত্ৰী দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীৰ   “Anuragyam” নামৰ অনুষ্ঠানটিয়ে আয়োজন কৰা ৰাষ্ট্ৰীয় চিত্ৰাঙ্কণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। 

    শেহতীয়াকৈ উক্ত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। প্ৰতিযোগিতাত  নিৰ্বাচিত ১২ গৰাকী প্ৰতিযোগীৰ ভিতৰত   সুৰঞ্জনা  অসমৰ একমাত্ৰ প্ৰতিযোগী । সুৰঞ্জনাই ইয়াৰ পূৰ্বে    আন্তঃৰাষ্ট্ৰীয় চিত্ৰাঙ্কণ প্ৰতিযোগিতাতো  সাফল্য অৰ্জন কৰি কাকপথাৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।  তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কণমানি সুৰঞ্জনা ভৰদ্বাজে International Child Art Competition and Exhibition (ICACE) ৰ নতুন দিল্লীস্থ “Anuragyam” -এ  আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় চিত্ৰাঙ্কণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল সুনাম অৰ্জন কৰিছিল। 

    উক্ত প্ৰতিযোগিতাত শতাধিক দেশী-বিদেশী শিশু শিল্পীৰ চিত্ৰকলাৰ মাজৰ পৰা মাত্ৰ ২৬ গৰাকী শিল্পীৰ চিত্ৰাঙ্কণ নিৰ্বাচিত হৈছিল । তাৰে মাজত অসমৰ পৰা নিৰ্বাচিত হোৱা একমাত্ৰ চিত্ৰশিল্পী আছিল সুৰঞ্জনা। উল্লেখ্য উক্ত প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ পৰা চুড়ান্ত পৰ্যায়লৈ মাত্ৰ দুগৰাকী প্ৰতিযোগীহে নিৰ্বাচিত হৈছিল। এইবেলি পুনৰ কণমানিটিয়ে ৰাষ্ট্ৰীয় চিত্ৰাঙ্কণ প্ৰতিযোগিতাত  তৃতীয় স্থান দখল কৰাত আনন্দিত হৈ পৰিছে কাকপথাৰবাসী। সুৰঞ্জনাই কাকপথাৰ প্ৰেছ ক্লাবে আয়োজন কৰা প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰি বঁটা লাভ কৰিছে।

    সৰুৰে পৰা চিত্ৰ কলাত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বহু পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা সুৰঞ্জনাৰ প্ৰাগ নিউজৰ পৰা প্ৰকাশিত জনপ্ৰিয় কাকত দৈনিক জনমভূমিৰ শিশু পৃষ্ঠাতো প্ৰায়ে চিত্ৰাঙ্কণ প্ৰকাশ পাই আহিছে। সুৰঞ্জনা বৰ্তমান কাকপথাৰৰ ৰাধাকৃষণ একাডেমীৰ পঞ্চম
    শ্ৰেণীৰ ছাত্ৰী।। বিষ্ণু-জ্যোতি কলা আৰু সংস্কৃতি মহাবিদ্যালয়ৰ তপন মাহাত্বৰ অধীনত বৰ্তমান চিত্ৰকলাৰ প্ৰশিক্ষণ লৈ থকা সুৰঞ্জনাই ইতিমধ্যে প্ৰথম বৰ্ষৰ পৰীক্ষাত ডিষ্টিংচনসহ উত্তীৰ্ণহৈ বৰ্তমান দ্বিতীয় বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে।

    চিত্ৰকলাৰ উপৰি সংগীত সাধনা কৰা সুৰঞ্জনাই ইতিমধ্যে সংগীতৰ ক্ষেত্ৰখনতো সুনাম অৰ্জন কৰিছে । কাকপথাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ শিক্ষক তপন শৰ্মা আৰু মৌচুমী পূজাৰী শৰ্মাৰ একমাত্ৰ সন্তান সুৰঞ্জনা ভৰদ্বাজৰ এই সাফল্যই কাকপথাৰবাসীক আনন্দিত কৰিছে।