ডিজিটেল ডেস্কঃ এতিয়া গ্ৰন্থমেলাৰ বতৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে গ্ৰন্থমেলা। প্ৰকাশ পাইছে ন-পুৰণি লেখকৰ নতুন গ্ৰন্থ। ৰুচি অনুযায়ী পাঠকেও গ্ৰন্থ ক্ৰয় কৰিছে।
নৱবৰ্ষৰ প্ৰথম দিনটোতে প্ৰকাশ পালে লেখক মলয় বৰুৱাৰ নতুন গ্ৰন্থ ‘অভিকণ্ঠ’। গুৱাহাটীৰ অসম গ্ৰন্থমেলাত উন্মোচন হয় লেখক বৰুৱাৰ গ্ৰন্থখন।
উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট কবি নীলিম কুমাৰ, সাহিত্যিক তথা ‘বি.বৰুৱা কলেজ’ৰ অধ্যাপক ড° স্মৃতিমালা শৰ্মা, বিশিষ্ট লেখক তথা সুগায়ক অসম চৰকাৰৰ আৰক্ষী বিভাগৰ ৰাজপত্ৰিত বিষয়া ৰঞ্জিত বুঢ়াগোহাঁই, বিশিষ্ট সাহিত্যিক মুকুট শৰ্মা, বিশিষ্ট মানৱদৰদী ব্যক্তিত্ব ৰক্তদাতা শেখৰ মজুমদাৰ, বাংলা সাহিত্য সভাৰ ৰাজ্যিক সম্পাদক তথা কটন মহাবিদ্যালয়ৰ অধ্যাপক ড° প্ৰশান্ত চক্ৰৱৰ্তী, পশ্চিমবংগৰ বিশিষ্ট সাহিত্যিক বিনোদ ঘোষালৰ লগতে অসমৰ আগশাৰীৰ কেইবাগৰাকীও সাহিত্যিক।
ষ্টল নং ১০১, ‘ভাষা প্ৰকাশন’ত উপলব্ধ (জনসংযোগ কক্ষৰ পৰা পোনে পোনে পশ্চিমে)‘অভিকণ্ঠ’। গ্ৰন্থখনত পঢ়ুৱৈয়ে নতুন আংগিকৰ স্বাদ লাভ কৰিব বুলি আশাবাদী লেখক মলয় বৰুৱা৷
Leave A Comment