ডিজিটেল ডেস্কঃ এক নৱবিবাহিত দম্পতীৰ কৰুণ মৃত্যু। ন ন সপোন ৰচি সংসাৰৰ পাতনি মেলিছিল ৰিতম নাথ আৰু পলী দেৱীয়ে। সপোনবোৰ ভালকৈ ফুলবিলৈ নৌ পাওঁতেই অকালতে গ’ল মৰহি। বৰছলাত একেলগে জ্বলিল নৱবিবাহিত দম্পতী ৰিতম নাথ আৰু পলী দেৱীৰ চিতা। দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটিলে দুয়ো।
২০ নৱেম্বৰত শোণিতপুৰ জিলাৰ ৰাক্ষসমাৰীত অনুষ্ঠিত ৰাসৰ অনুষ্ঠানৰ পৰা পুৱতি নিশা ঘৰমুৱা হৈ উভতি অহা পথত নাৰায়ণপুৰ তিনিআলিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৰিতম নাথ আৰু পলী দেৱী।
এখন দ্ৰুতবেগী ট্ৰেভেলাৰৰ খুন্দাত আহত হৈ দুয়ো গুৱাহাটীৰ বেলতলাৰ এখন ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসাধীন হৈ আছিল। কিন্তু নিয়তিৰ পৰিহাস! অৱশেষত মৃত্যুৰ শীতল কোলাত শুই পৰিল দুয়ো।
একেটা পথ দুৰ্ঘটনাতে থিতাতে নিহত হৈছিল ঢেকিয়াজুলিৰ নাৰায়ণপুৰৰ চাহ বাগিচাৰ সহঃপৰিচালক সাগৰ দাস। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ সংকটজনক অৱস্থাত GMCHত চিকিৎসাধীন হৈছিল ৩গৰাকী লোক। ইয়াৰে সংকটজনক অৱস্থাত আছিল পলী দেৱী আৰু ৰিতম নাথ।
ৰাস মহোৎসৱৰ পৰা জ্যেষ্ঠ ভগ্নীৰ ঘৰলৈ উভতাৰ পথত কৃতি ডেকা নামৰ এজন যুৱককো মহটিয়াই নিছিল তীব্ৰবেগী ট্ৰেভেলাৰখনে। তিনিওকে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰিছিল। পৰৱৰ্তী সময়ত ৰিতম আৰু পলীক এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে স্বামী-স্ত্ৰী ৰিতম নাথ আৰু পলী দেৱী অতি সংস্কৃতিৱান আৰু প্ৰতিভাৱান আছিল। ৰিতম-পলী দীৰ্ঘদিনে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছিল আৰু তেওঁলোকৰ প্ৰেমে চাৰিমাহ পূৰ্বে লাভ কৰিছিল পূৰ্ণতা। ৪ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল পলী আৰু ৰিতম।
দুয়োৰে আত্মাৰ চিৰশান্তি কামনাৰে...
Leave A Comment